Wednesday, July 30, 2025
29.7 C
Guwahati
TOP NEWS:

জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ এটি ফেচবুক পোষ্ট

- Advertisement -

কলকাতাৰ আৰজি কৰ হাস্পতালত মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ-হত্যাৰ ঘটনাই দেশ জোকাৰি গৈছে। তুমুল প্ৰতিবাদ হৈছে। কিন্তু আমাৰ মাজত যিকোনো সময়ত পুনৰ যে এটা নিৰ্ভয়া কাণ্ড বা আৰজি কৰ কাণ্ড নঘটিব তাৰ কোনো নিশ্চয়তা নাই। কাৰণ যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক আইনৰ প্ৰতি মানুহৰ ভয়-ডৰ কমি আহিছে। বিশ্বাস হৈ গৈছে যে আইনৰ সুৰুঙাৰে, টকা-ক্ষমতাৰ প্ৰয়োগেৰে সহজে সাৰি যাব পাৰি।
আজিৰ পৰা ১০ বছৰ আগতে ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক সৰিতা তচনিৱালক ধৰ্ষণ কৰি হত্যা কৰিছিল ৱাৰ্ডবয়ৰ সতীৰ্থ চিকিৎসক এজনে। অভিযুক্ত চিকিৎসকজন এতিয়া কলকাতাত প্ৰেকটিচত ব্যস্ত। সহ অভিযুক্তজনো মুকলি আকাশৰ তলত।মানুহেও পাহৰিলে নৃশংস ঘটনাটো।
ৰাজস্থান আৰু হাৰিয়ানাৰ তথাকথিত ধৰ্মগুৰু ৰাম ৰহিম এগৰাকী শিষ্যাক ধৰ্ষণ-হত্যা কৰি দোষী সাব্যস্ত হৈছিল। আদালতৰ ৰায়ৰ পাছত তেওঁক বহু কষ্টেৰে জেলতো ভৰোৱা হৈছিল। কিন্তু তেওঁ দুই তিনিমাহৰ মূৰে মূৰে দীঘলীয়া সময়ৰ বাবে পেৰলত ওলাই আহে। দীৰ্ঘ কনভয় লৈ তেওঁ আশ্ৰমত সোমাইগৈ।শিষ্যক লগ ধৰে, সংকীৰ্তন কৰে ,প্ৰয়োজন হলে নিৰ্বাচনী প্ৰচাৰ তো অংশ লয়। শাস্তি নামতহে।এই মুহূৰ্ততো হত্যা ধৰ্ষণত দোষী সাব্যস্ত ৰাম ৰহিম জেলৰ বাহিৰত, কাৰণ হাৰিয়ানাত নিৰ্বাচন আহি আছে।দেশত এনে ঘটনা অলেখ।
টকা ক্ষমতা আৰু ৰাজনীতিৰ আগত আইনে মূৰ তল কৰি থকালৈকে এনে বীভৎস কৰুণ ঘটনা ঘটি থাকিব।

Hot this week

Poor family availing PMJAY benefits in SSB Composite Hospital...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
31.8 ° C
31.8 °
31.8 °
76 %
2.1kmh
9 %
Wed
30 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °