বিহালীৰ ৰাংছালীত হাতী দাঁত সহ এজন চোৰাং ব্যৱসায়ীক কৰায়ত্ত সীমা শুল্ক বিভাগৰ
অসম খবৰ বেদেতী, ২৯ মে’ = বিহালী আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ৰাংছালীৰ কমাৰ পুখুৰী চাৰিআলিত আজি এজন হাতী দাঁতৰ চোৰাং ব্যৱসায়ীক হাতেলোটে কৰায়ত্ত কৰে নিজকে ‘বিশেষ বিভাগৰ পৰিদৰ্শক’ বুলি চিনাকি দিয়া এজন লোক সহ অন্য ৫ জন লোকে ।
আজি দিনৰ ২ঃ৩০ মান বজাত বিহালী থানাৰ দিশৰ পৰা এখন চুইফট্ ডিজায়াৰ (নং-এম এল ০৫ আৰ, ২৬১৯)ত অহা ৫ জন অচিনাকি লোকে ৰাংছালী-বেদেতী পথেৰে গৈ থকা ৰঙা ৰঙৰ মাৰুতী ৮০০ গাড়ীৰ পৰা এজন ২৪-২৫ বছৰীয়া যুৱকক চোঁচোৰাই নমাই নিয়াৰ লগতে গাড়ীৰ ডিকিৰ পৰা এটা প্লাষ্টিকৰ ডাঙৰ মোনা নমাই নিয়ে অচিনাকি লোক কেইজনে । পিছত চিঞৰ বাখৰ শুনি সেই ঠাইত সমবেত হোৱা কিছু লোকে অচিনাকি লোক কেইজনক প্ৰশ্ন কৰাত ‘আমি স্পেচিয়েল ব্ৰাঞ্চৰ পৰা আহিছোঁ, ইয়াক হাতে-লোটে হাতী দাঁতৰ স’তে পাইছোঁ, এয়া চাওক, ইয়াৰ লগৰ এটা পলাই গৈছে’ বুলি মোনাত থকা হাতী দাঁতো দেখুৱায় ।
লগে লগে বেদেতীৰ দিশৰ পৰা অহা আন এখন বগা ৰঙৰ বলেৰ’ গাড়ীত যুৱক জনক উঠাই সেই ঠাইৰ পৰা দলটো উধাও হয় ।
কিন্তু প্ৰশ্ন হয়, যি খন গাড়ীৰ পৰা যুৱক জনক হাতীৰ দাঁতৰ সৈতে নমাই আনিছিল, সেই গাড়ীখন এৰি দিলে কিয় ?
আনহাতে এই বিষয়ত স্থানীয় আৰক্ষী, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক, বন বিভাগৰ লোক আদিয়ে প্ৰথম অৱস্থাত একো গম পোৱা নাছিল । কিন্তু, দুঘণ্টা মানৰ পাছত ঘটনাস্থলীত আৰক্ষী অধীক্ষক, ডি এফ অ’ , বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদি উপস্থিত হোৱাৰ লগতে ধৃত যুৱক জনৰ বাসগৃহলৈও গৈ সোধ-পোছ কৰে বুলি জানিব পৰা গৈছে ।
আৰক্ষী সুত্ৰে পৰৱৰ্তী সময়ত জানিব পৰা মতে যুৱকজন ৰাংছালী-কাছকটাৰ প্ৰশান্ত দাসৰ পুত্ৰ সোণমণি দাস(২৪) আৰু তেওক সীমা শুল্ক (কাষ্টমচ্ ) বিভাগে কৰায়ত্ত কৰিছে ।
Leave a Reply