বিহালীত উপ-নিৰ্বাচনক লৈ তৎপৰ বিজেপি : বিজেপিৰ যুৱ নেতা জয়ন্ত বৰাৰ শক্তি প্ৰদৰ্শন

বিহালীত উপ-নিৰ্বাচনক লৈ তৎপৰ বিজেপি :
বিজেপিৰ যুৱ নেতা জয়ন্ত বৰাৰ শক্তি প্ৰদৰ্শন

বিহালী ২৭ মে :

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ যথেষ্ট সময় বাকী আছে যদিও বৰ্তমান উপ-নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি । লক্ষ্যণীয় বিষয় যে ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৭৭ নং বিহালী বিধান সভা সমষ্টিতো বিজেপি কৰ্মী সকল উপ নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা দেখা গৈছে। এইবাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা উত্তৰ অসমৰ শক্তিশালী বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই বিজেপি দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । কিন্তু বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ তুলনাত বিৰোধী দলৰ প্ৰাৰ্থী সকল আছিল একেবাৰে দুৰ্বল। কাৰণ শোণিতপুৰ লোক সভা সমষ্টিটোত বৰ্তমান ৯ টা বিধান সভাৰ ভিতৰত ৮ জনেই শাসকীয় দল বিজেপি থকাৰ বিপৰীতে এটা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ অসম গণ পৰিষদৰ দখলত আছে। যাৰ ফলত এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিটো বিৰোধী দলৰ দুৰ্বল ভুমিকাৰ বিপৰীতে শাসকীয় বিজেপি দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বৃহৎ ভোটৰ ব‍্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত জয় হ’ব বুলি বিজেপি দলে প্ৰকাশ কৰিছে । আনহাতে যদি ৰঞ্জিত দত্ত জয়ী হয় নিশ্চিত ভাৱে বিহালী সমষ্টিৰ আসন খন খালী হৈ পৰিব আৰু উপ নিৰ্বাচন হ’ব। আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিহালী সমষ্টিৰ বিশিষ্ট সমাজ কৰ্মী তথা বিগত বিধান সভা সমষ্টিৰ নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াই ২২হাজাৰৰো অধিক ভোট লাভ কৰি এক শক্তি প্ৰদৰ্শন কৰা যুৱ নেতা জয়ন্ত বৰাই শেহতীয়াকৈ বিহালী সমষ্টিৰ বিজেপি কৰ্মী সকলক লগত লৈ দলটো অধিক শক্তিশালী কৰাৰ বাবে বিহালীৰ বিজেপি কৰ্মীৰ সৈতে ইখনৰ পিছত সিখন সভা আয়োজন কৰা দেখা গৈছে। উল্লেখ যে যোৱা কেইবাদিন ধৰি বহু কেইখন সভা অনুষ্ঠিত কৰা বিপৰীতে আজি বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা সভাপতিত্বত বৰালিমাৰাত আন এখন আলোচনা সভা আয়োজন কৰে জয়ন্ত বৰাই। ইফালে বিজেপি দলটো যোগদান কৰিয়ে দিন ৰাতি এককাৰ কৰি দলটো অধিক শক্তিশালী কৰাত ব্যস্ত হৈ পৰা জয়ন্ত বৰা ভূমিকাক লৈ বিহালী বিজেপি কৰ্মী সকলে সন্তুষ্টি প্ৰকাশ কৰে বিহালী বিজেপি কৰ্মী সকলে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*