◊ চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত জনপ্ৰিয় “পষেকীয়া চৰাইদেউ বাতৰি’’ কাকতৰ বৰ্ষপূতি অনুষ্ঠানত প্ৰতিবছৰে প্ৰদান কৰি অহা সাহিত্য-সংবাদজ্যোতি বঁটাৰ বাবে এইবেলি নিৰ্বাচিত হৈছে দীৰ্ঘদিন ধৰি সংবাদসেৱা, সাহিত্যসেৱা আৰু সমাজসেৱা কৰি অহা নলবাৰী কাজিপাৰা নিবাসী কবি, লেখক, সাংবাদিক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিপজ্যোতি মেধি৷ বঁটা প্ৰাপ্তিৰ খবৰটোৱে জন্মগাঁও শিয়ালমাৰীত আনন্দৰ লহৰ উঠিছে। উল্লেখ্য যে টিহু ৰাজহচক্ৰৰ অন্তৰ্গত শিয়ালমাৰী গাঁৱত জন্মগ্ৰহণ কৰা নিপজ্যোতি মেধিয়ে স্কুলীয়া কালৰে পৰা পিতৃৰ আদৰ্শ অনুসৰণ কৰি সাহিত্যসেৱা, সমাজসেৱা, সাংবাদিকতা কৰি আহিছে। নিপজ্যোতি মেধি সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰোহিনী মেধি আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী গিৰিজা মেধিৰ জ্যেষ্ঠ পুত্ৰ। বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি সততা-সাহসিকতাৰে সুদীৰ্ঘকাল কেইবাখনো ইংৰাজী, বড়ো, অসমীয়া দৈনিক কাকতত সংবাদসেৱা কৰাৰ লগতে ত্ৰিশখনৰো অধিক গ্ৰন্থ নিপজ্যোতি লিখি উলিয়াইছে। ইতিমধ্যে তেওঁ কেবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে৷ চলিত মাহৰ শেষত চৰাইদেউত মেধিক “সাহিত্য-সংবাদজ্যোতি বঁটা’’ প্ৰদান কৰিব বুলি “পষেকীয়া চৰাইদেউ বাতৰি’’ কাকতৰ মুখ্যসম্পাদক মৃদুল চাহুয়ে এক প্ৰেছবিজ্ঞপ্তি যোগে জনাইছে৷ বঁটাৰ বাবে মনোনীত হোৱাত সাংবাদিক মেধিক অসম ৰাজ্যিক সাংবাদিক সন্থা, বাসনা সাহিত্য গোষ্ঠী, কৈঠালকুছি সাংবাদিক সন্থা, বাস্কা প্ৰেছ ক্লাব, বৰমা, সন্ধান কাকত গোষ্ঠী, অসম নিউজৰ পৰিয়ালবৰ্গকে ধৰি জিলাখনৰ বিভিন্ন ব্যক্তি, দল-সংগঠন, অনুষ্ঠান আদিয়ে অভিনন্দন জনাইছে।
Leave a Reply