শেহতীয়া আপডেটঃ

গুৱাহাটীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ শিক্ষাৰ্থীৰ ভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে বিদ্যালয়লৈ গৌৰৱ

♦ ২০২৩-২৪ বৰ্ষত একাংশ শিক্ষাৰ্থীৰ ভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বঁটা লাভ
গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ শিক্ষাৰ্থীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰদৰ্শনেৰে সফল্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষাকসকলে সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত আজি এক সংবাদমেলযোগে এই কথা সদৰী কৰে৷ বিশেষভাৱে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এগৰাকী কৃতী ছাত্ৰ স্বয়ম মজুমদাৰে ২০২৪ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত সমাজসেৱামূলক কামৰ বাবে ‘প্ৰধানমন্ত্ৰী বাল পুৰস্কাৰ’ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ যোৱা ২২ জানুৱাৰী তাৰিখে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মুৱে ছাত্ৰগৰাকীক বঁটা প্ৰদান কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰে৷ স্বয়ম মজুমদাৰ হৈছে ১০ বছৰ বয়সৰে পৰা বন্যপ্ৰাণীৰ হকে কাম কৰি সফলতা অৰ্জন কৰা দেশৰ কনিষ্ঠতম সৰ্প উদ্ধাৰকাৰী৷ তেওঁ এই মহৎ কৰ্মৰ বাবে ইতিমধ্যে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ্’ আৰু ‘ইন জিনিয়াচ চাৰ্ম ৱৰ্ল্ড ৰেকৰ্ডচ’ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷
ইফালে বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ ছাত্ৰ কেডেট হানু সিংঘল, ছাত্ৰী চাৰ্জেণ্ট মৃগাক্ষী বৰা আৰু চাৰ্জেণ্ট মনালিচা কাশ্যপে এন.চি.চি কেডেট হিচাপে দিল্লীত আয়োজিত ২০২৪ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভাগ লৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ছাত্ৰী মনালিচা কাশ্যপে ‘ডি জি কমেণ্ডেচন কাৰ্ড’ লাভ কৰিছে৷
২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে চি বি এচ ইয়ে যোৱা ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত আঞ্চলিক পৰ্যায়ত আৰু ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা বিজ্ঞান প্ৰদৰ্শনী ‘সমাজৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা’ এই বিষয়বস্তুৰে ২০২৩ বৰ্ষৰ ৫ আৰু ৬ ডিচেম্বৰত দুদিনীয়াকৈ আঞ্চলিক ভিত্তিত অয়োজিত প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ৬২ টা প্ৰকল্পই ভাগ লয়৷ ইয়াৰে জ্যেষ্ঠ শাখাত গুৱাহাটীৰ শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ নৱমমান শ্ৰেণীৰ প্ৰণয় নৱলখা আৰু প্ৰিয়া নৱলখাই কৃষিৰ অন্তৰ্গত মূল বিষয়বস্তু ‘এগ্ৰ’কেয়াৰ’ আৰু কনিষ্ঠ শাখাত সপ্তমমান শ্ৰেণীৰ ছাত্ৰী অস্মিত উত্তম ভট্টাচাৰ্য আৰু শ্ৰেয়াতস চৌধুৰীয়ে যোগাযোগ আৰু পৰিবহনৰ অন্তৰ্গত মূল বিষয়বস্তু ‘চিলভাচ হেলমেট’-এই দুয়োটা প্ৰকল্পতে প্ৰথম স্থান লাভ কৰে৷ কৃতী শিক্ষাৰ্থীসকলে চলিত বৰ্ষৰ ১ৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে নয়ডাৰ ময়ূৰী স্কুলত ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷
নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অৱ এডুকেচন, শ্বিলংস্থিত নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আৰু পপুলেচন এডুকেচন চেলে যৌথভাৱে ২০২৩ বৰ্ষৰ জুন মাহত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ‘যুৱ মনন-যুৱসমাজৰ প্ৰতিফলন’ শীৰ্ষক বয়ঃসন্ধিৰ ওপৰত ১০ খনকৈ সৃজনীমূলক গ্ৰন্থ প্ৰণয়ন কৰিছে৷ এই ক্ষেত্ৰত অৱদান আগবঢ়োৱা প্ৰতিগৰাকী শিক্ষাৰ্থীকে তেওঁলোকৰ অৱদানৰ বাবে একোখনকৈ আলোচনী আগবঢ়োৱা হয়৷
ইপিনে নৱপ্ৰজন্মৰ যুৱ লেখকৰ সৃজনীমূলক তথা কল্পনাশক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ ঘটোৱা আৰু তেওঁলোকৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ প্ৰকাশ আৰু বিক্ৰীৰ সহায়ক হিচাপে অগ্ৰণী প্ৰকাশন গোষ্ঠী ‘ব্ৰিবুকচে’ সহযোগিতা আগবঢ়াইছে৷ অনলাইনৰ দ্বাৰা এমাজনত প্ৰকাশন গোষ্ঠীটোৱে গ্ৰন্থসমূহ উপলব্ধ কৰাৰ উপৰিও তেওঁলোকে আয়োজন কৰা ‘অনলাইন বুক ৰাইটিং ফেয়াৰ’ত অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ ৫৬ গৰাকী যুৱ লেখক-লেখিকাৰ গ্ৰন্থ প্ৰকাশ কৰিছে৷ গ্ৰন্থসমূহৰ চাহিদাৰ তথা বিক্ৰীৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলে লাভ কৰিব৷
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.