আজি পবিত্ৰ কৰম পূজা
ডুমডুমাত কেন্দ্ৰীয় ভাৱে আয়োজন কৰম পূজা :
ডুমডুমা ২৫ ছেপ্টেম্বৰ
কৰম কৰম কহলে/আয়োকৰম কৈ দি কৈসে/আয়ো শাওন ভাদ চইলে গেল/ৰেকুমাৰী ছড়ী কৰম গাড়েৰে…।” আজি পবিত্ৰ কৰম পূজা।
চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পবিত্ৰ উৎসৱ হৈছে কৰম পৰব। কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব।
অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অতি উলাহ-মালহেৰে পালন কৰা হয় এই উৎসৱ। ইতিমধ্যে এই পৰ্ব উপলক্ষে চাহ জনগোষ্ঠীয় অঞ্চলসমূহত ব্যাপক আয়োজন কৰা হৈছে। ঠাই বিশেষে এই উৎসৱ ৩ দিন,৫দিন তথা ৭দিন পৰ্য্যন্ত পালন কৰা হয়।
ইফালে দুদিনীয়াকৈ কেন্দ্ৰীয় ভাৱে আয়োজন কৰিছে তিনিচুকীয়া জিলাৰ ডুমডুমাত। এই কাৰ্যসূচী প্ৰথম দিনত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তিয়ে।
Leave a Reply