Saturday, May 24, 2025
32 C
Guwahati

গুৱাহাটী মহানগৰৰ গ্ৰীণ বেল্ট ভূমিৰ ওপৰত দুষ্ট চক্ৰৰ আগ্ৰাসন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ পৰিৱেশ ৰক্ষাৰ নামত নাগৰিকৰ প্ৰতিবাদকো গুৰুত্ব নিদি অসম চৰকাৰে শিলসাঁকো বিলৰ ভূমিত উচ্ছেদ চলাই থকা সময়ত গুৱাহাটী মহানগৰৰ ‘গ্ৰীণ বেল্ট’ বুলি ঘোষিত ভূমিত এটা চক্ৰই ভূমি হস্তগত কৰাৰ অভিযানত নামি পৰিছে। বৃহত্তৰ বৰাগাঁও অঞ্চলত এই ভূ-মাফিয়া চক্ৰটো সক্ৰিয় হৈ পৰিছে।

গুৱাহাটী মহানগৰৰ ‘গ্রীণ বেল্ট’ বুলি ঘোষিত এলেকাত কোনো গৃহ নিৰ্মাণ কৰিব নোৱাৰিব বুলি ২০১৫ চনৰ ২৫ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰীয়ে নির্দেশ দিছিল। গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা জি এম ডি এ আৰু মহানগৰ জিলাৰ ৰাজহ চক্ৰসমূহলৈ অসম চৰকাৰৰ নিৰ্দেশ কার্যকৰী কৰাৰ বাবে ২০১৫ চনৰ ২৩ এপ্ৰিলত পত্ৰ প্ৰেৰণ কৰিছিল। সেই সময়ত গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ‘গ্রীণ বেল্ট’ৰ ভূমি ৰক্ষাৰ বাবে শক্তিশালী স্থিতি গ্রহণ কৰিছিল।

পৰিতাপৰ বিষয়টো হ’ল অসম চৰকাৰৰ এনে কঠোৰ স্থিতি থকাৰ পিছতো বৃহত্তৰ বৰাগাঁও, আহোমগাঁও অঞ্চলত ‘গ্ৰীণ বেল্ট’ৰ ভূমি জনৈক শৰ্মা আৰু জনৈক চৌধুৰীৰ নেতৃত্বত এটা চক্রই মাটি পেলাই দখল কৰিবলৈ আৰম্ভ কৰিছে। এইক্ষেত্ৰত পৃষ্ঠপোষকতা কৰিছে ফাঁচিবজাৰৰ এগৰাকী জনৈক শৰ্মা নামৰ অধিবক্তাই।

অভিযোগ মতে এই অধিবক্তা শৰ্মাৰ সহযোগত ভূমিৰ প্ৰকৃত চৰকাৰী কাগজ-পত্ৰৰ পৰিৱৰ্তন কৰি এটা চক্ৰই ভূমি কেলেংকাৰীত লিপ্ত হৈ আছে। শৰ্মা আৰু চৌধুৰীয়ে গ্ৰীণ বেল্টৰ মাটিত ৰঙা মাটি ক’ৰ পৰা আনি পেলোৱা আৰম্ভ কৰিছে, ইয়াও এক ৰহস্যজনক। এইক্ষেত্ৰত স্থানীয় গড়চুক থানা নীৰৱ।

আন এক অভিযোগ মতে এই ভূমি-মাফিয়া চক্রই ইতিমধ্যে কেলেংকাৰীত নিমজ্জিত চাহাৰা গ্ৰুপ মালিকানাধীন ভূমি লৈ আন এক ভূমি হস্তগত কৰাৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে।

চৰকাৰৰ অগোচৰে এনে এচাম ভূ-মাফিয়াই গুৱাহাটী মহানগৰৰ ভূমিৰ ওপৰত চলাই থকা আগ্ৰাসনৰ ক্ষেত্ৰত চৰকাৰক বিশেষভাৱে গুৰুত্ব দিবলৈ সচেতন মহলে আহ্বান জনাইছে।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
29.8 ° C
29.8 °
29.8 °
65 %
1.3kmh
83 %
Sat
35 °
Sun
26 °
Mon
24 °
Tue
33 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds