বিহালী বেদেতী সাপ্তাহিক বজাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান বিশ্বনাথ আৱকাৰী আৰু বিহালী আৰক্ষী

বিহালী বেদেতী সাপ্তাহিক বজাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান বিশ্বনাথ আৱকাৰী আৰু বিহালী আৰক্ষী

ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ লগতে অবৈধ চুলাই বিৰুদ্ধে অভিযান।

ৰাজ্য চাহ জনগোষ্ঠীয় এলেকা অঞ্চলত বিষাক্ত চুলাই পান কৰি বিগত বৰ্ষত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ পিছতে ৰাজ্যজুৰি অবৈধ চুলাই আৰু সুৰা বিৰোধী অভিযান চলাইছে আবকাৰী আৰু অসম আৰক্ষীয়ে।
ইফালে অবৈধ চুলাই বিৰুদ্ধে কঠোৰ হৈছে বিশ্বনাথ মহকুমা আৰু বিহালী চাৰ্কোল লগতে চতিয়া চাৰ্কোলৰ আৱকাৰী বিভাগক । বিশেষকৈ বিশ্বনাথ মহকুমাত থকা বৰগাং সাপ্তাহিক বজাৰ সংকেত আৰু বেদেতী সাপ্তাহিক বজাৰত কেইখনত বিগত কিছু দিন ধৰি মুকলিকৈ এখন অবৈধ চুলাই মদৰ বজাৰ গঢ়ি তুলিছিল। কিন্তু আৰক্ষী আৱকাৰী বিভাগে বাৰম্বাৰ অবৈধ চুলাই বজাৰত বিক্ৰী নকৰিবলৈক সকিয়নি দি আহিছিল যদিও বজাৰ বেদেতী সাপ্তাহিক বজাৰত মুকলিকৈ অবৈধ চুলাই বিক্ৰী কৰি অহা বুধবাৰে বিশ্বনাথ মহকুমা আৱকাৰী উপ অধীক্ষক নিৰ্দেশত বিহালী চাৰ্কোল আৰু চতিয়া চাৰ্কোল লগতে বিহালী আৰক্ষীয় সহযোগিতা বজাৰ খনত অভিযানত প্ৰায় ১০০০ অধিক লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰে বেদেতী সাপ্তাহিক বজাৰত আৱকাৰী দলটোৱে।

উল্লেখযোগ্য যে বিশ্বনাথ জিলা পৰিষদৰ আৰু বিহালী খণ্ড উন্নয়ন কাৰ্যালয় অন্তৰ্গত বেদেতী বুধবৰীয়া সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ী চলি থকা অভিযোগ দীৰ্ঘদিনীয়া যদিও মৌনতা ভাও ধৰে বিহালী উন্নয়ন খণ্ডত বিষয়া গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*