বিশ্বনাথত অনুষ্ঠিত ৩৩ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ সফল সামৰণি
ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পাঁচ শতাধিক খেলুৱৈৰে উখল-মাখল পৰিৱেশ
বিশ্বনাথ চাৰিআলি ২৩জুলাই
বিশ্বনাথত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচশতাধিক প্ৰতিযোগীয়ে এই ৰাজ্যিক প্ৰতিযোগিতাখনিত অংশ গ্ৰহণ কৰে। যোৱা দুদিন ধৰি এক উখল-মাখল পৰিৱেশৰ মাজৰে বিশ্বনাথ বিশ্বনাথ নগৰৰ হিমালয় ইণ্ডাষ্ট্ৰীত অনুষ্ঠিত হৈছিল এই ৰাজ্যিক জুডো প্ৰতিযোগিতা। অলিম্পিক খেল জুডোৰ ৩৩ সংখ্যক ৰাজ্যিক প্ৰতিযোগিতাখনি বিশ্বনাথ চেম্পিয়ন মেকাৰ্চ একাডেমীৰ উদ্যোগত আৰু বিশ্বনাথ জিলা জুডো সংস্থাৰ সহযোগত প্ৰথম বাৰলৈ বিশ্বনাথ অনুষ্ঠিত হৈছিল ৷ আজি পুৱা এই ৰাজ্যিক প্ৰতিযোগিতাখনি উদ্ধোধন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷
উদযাপনসমিতিৰ যুটীয়া সম্পাদক অঞ্জন বৰা আৰু হৃদয়নন্দ দাসে আঁত ধৰা অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয় ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা, বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ৰাতুল শইকীয়া, যুটীয়া সম্পাদক ৰাজেন দাস,জ্যেষ্ঠ সাংবাদিক বসন্ত বৰা ,জিলা জুদো সন্থাৰ সভাপতি আমিৰ খান,যুৱ ছাত্ৰ পৰিষদৰ দেৱব্ৰত মেধি ,বনিক সন্থাৰ সভাপতি প্ৰভু নাথ সিং, সমাজকৰ্মী অমৃত হাজৰিকা ৰ লগতে লগতে উপস্থিত থাকে বিশিষ্ট প্ৰাক্তন খেলুৱৈ সকলৰ লগতে বৰেণ্য ব্যক্তি সকল ৷ ইয়াৰ উপৰিও উপস্থিত থাকে ৰাজ্যিক জুডো এচোছিয়েচনৰ সভাপতি বাণীব্ৰত দাস ,সম্পাদক জাফৰ খানৰ নেতৃত্বত খেল সমূহ সুচাৰুভাৱে পৰিচালনা কৰা হয়। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজাৰিকা ই আদৰণি ভাষণ দিয়া সভাত প্ৰবীণ খেলুৱৈ তৰুণ বৰা, পীতাম্বৰ কোঁচ আৰু দিলীপ বৰকটকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Leave a Reply