বিশ্বনাথত উদ্ধাৰ অচিনাকী বৃদ্ধা : চিকিৎসালয়ত ভৰ্তি যুৱ মৰ্চা
বিশ্বনাথত ১৬ জুলাই :বিশ্বনাথ চাৰিআলিত এগৰাকী ষাঠিৰ উৰ্ধৰ ৰোগীয়া বৃদ্ধা উদ্ধাৰ হয়।
উদ্ধাৰ হোৱা বৃদ্ধা গৰাকীৰ উন্নত চিকিৎসাৰ দায়িত্ব ললে বিজেপিৰ বিশ্বনাথ চাৰিআলি নগৰৰ যুৱ মর্চাৰ সদস্য সদস্যাই। বৃদ্ধা ৰোগী গৰাকীক দেওবাৰে উন্নত চিকিৎসা বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত যুৱ মৰ্চা নগৰ মণ্ডলৰ সভাপতি বিজিত শইকীয়া নেতৃত্বত এটা দলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা চিকিৎসা বাবে।
উল্লেখযোগ্য যে যোৱা ২৯ জুনত বিশ্বনাথ চাৰিআলি জীৱন বীমা কাৰ্যালয়ৰ কাষত চাইকেল ষ্টেণ্ড উদ্ধাৰ হৈছিল এগৰাকী অচিনাকী ৰোগীয়া বৃদ্ধা।
কিন্তু এই ৰোগীয়া বৃদ্ধা গৰাকীক প্ৰথমে এটা স্বেচ্ছাসেৱী সংগঠন উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত ৰোগীয়া বৃদ্ধা গৰাকী চিকিৎসালয় চিকিৎসাধীন হৈ থকাৰ খবৰ লাভ কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।
বিধায়ক গৰাকীয়ে খবৰটো পোৱা পিছতে অচিনাকি বৃদ্ধা ৰোগী গৰাকীক উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি নগৰ যুৱ মৰ্চা যুৱক সকলক নিৰ্দেশ দিয়ে। ইফালে নিৰ্দেশৰ পিছতে দেওবাৰে বিশ্বনাথ চাৰিআলি যুৱ মৰ্চাৰ নগৰ মণ্ডলক সভাপতি বিজিত শইকীয়া নেতৃত্বত যুৱক কেইজনে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ উন্নত চিকিৎসা বাবে এখন এম্বুলেন্সৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নি চিকিৎসা ব্যৱস্থা কৰে।
আনহাতে অচিনাক্ত বৃদ্ধা গৰাকীক উদ্ধাৰ আৰু চিকিৎসা ক্ষেত্ৰত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাৰ সহযোগিতা থকা কথা উল্লেখ কৰে বিজিত শইকীয়াই । কিন্তু বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা ৰোগীয়া বৃদ্ধা গৰাকীৰ এই পৰ্যন্তে পৰিচয় জানিব পৰা হোৱা নাই আৰু অচিনাক্ত মহিলা এগৰাকী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কথা উল্লেখ কৰে যুৱ মৰ্চা সভাপতি গৰাকীয়ে।
লগতে কয় যদি কোনোবাই মহিলা গৰাকীক চিনি পাই শীঘ্ৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনাই শইকীয়াই।
Leave a Reply