বিশ্বনাথত চেম্পিয়নছ মেকাৰ একাডেমীৰ জুডো প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

বিশ্বনাথত চেম্পিয়নছ মেকাৰ একাডেমীৰ জুডো প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

বিশ্বনাথ ৭ জুলাই

৩৩ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি বিশ্বনাথৰ প্ৰায় ১ শতাধিক জুডো খেলুৱৈৰ মাজত অনুষ্ঠিত বিশেষ জুডো প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। বিশ্বনাথৰ ৰাষ্ট্ৰীয় বিদ্যালয়ত অনুষ্ঠিত এই বিশেষ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানতে আজি ৭ দিনীয়া বিশেষ প্ৰশিক্ষণৰ সন্মানীয় প্ৰশিক্ষক হিচাপে উপস্থিত থকা অৰুণাচল প্ৰদেশৰ এন আই এছ প্ৰশিক্ষক অঞ্জলি ছাগ্ৰো আৰু ৰাষ্ট্ৰীয় খেলুৱৈ কবি দয়মক তেওঁ লোকৰ সহযোগিতাৰ বাবে চেম্পিয়ন মেকাৰ একাডেমীৰ তৰফৰ পৰা স্মাৰক, মানপত্ৰ আৰু গামোচাৰে সম্মান জনোৱাৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীয়েও উস্ম আদৰণী জনাই। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকি চেম্পিয়ন মেকাৰ একাডেমীৰ উপদেষ্টা তথা বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী নিৰঞ্জ্ন হাজৰিকা , অজিত দাসে প্ৰশিক্ষাৰ্থী সকলক দিয়া শুভেচ্ছামূলক বক্তব্যই উৎসাহিত কৰি তোলে।

বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সভাপতি পুলক হাজৰিকা আৰু বিশ্বনাথ জিলা জুডো সন্থাৰ সভাপতি আমিৰ খানে বিশ্বনাথত এনেধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি স্থানীয় জুডো খেলুৱৈ সকলক আগবঢ়াই দিয়াৰ প্ৰয়াসৰ বাবে অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস আৰু উপ-সভাপতি হ্নদয়ানন্দ দাসৰ শলাগ লয়।

আজিৰ সামৰণি অনুষ্ঠান উপস্থিত থাকে ৩৩ সংখ্যক অসম ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ আদৰণী সমিতিৰ যুটীয়া সম্পাদক অঞ্জন বৰা, সহকাৰী সম্পাদক আব্দুল কালাম, প্ৰণৱ কলিতা, চম্পক হাজৰিকাকে ধৰি আদৰণী সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱক সকল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*