বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা , হত্যা কৰি পেলাই থৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথত

BJP leader killed in Goalpara

বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা , হত্যা কৰি পেলাই থৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথত

গুৱাহাটীৰ ১২ জুন:

গোৱালপাৰা মাটিয়াৰ নিজ বাসগৃহৰ পৰা দেওবাৰে বিয়লি ওলাই যোৱাৰ পিছত একাংশ লোকে মাটিয়াৰ কাষতে থকা এখন বজাৰত শেষবাৰৰ বাবে দেখা পাইছিল বিজেপি নেত্ৰী জোনালী নাথক। ইফালে নিশা উদ্ধাৰ হৈছে জোনালী নাথৰ মৃতদেহ। প্ৰাপ্ত খবৰ অনুসৰি দুৰ্বৃত্তই হত্যা কৰি পেলাই কৃষ্ণাইৰ শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যায়।
নিশাৰ ভাগত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ৷ দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পথৰ কাষত পেলাই থৈ যায় মহিলাগৰাকীক। হত্যাৰ বলি হোৱা মহিলাগৰাকী বিজেপিৰ গোৱালপাৰা জিলা সম্পাদিকা জোনালী নাথ৷


উল্লেখ্য যে, মাটিয়াৰ নিজ বাসগৃহৰ পৰা দেওবাৰে বিয়লি ওলাই যোৱাৰ পিছত একাংশ লোকে মাটিয়াৰ কাষতে থকা এখন বজাৰত শেষবাৰৰ বাবে দেখা পাইছিল জোনালী নাথক। আনহাতে, নিশাই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে আৰু আজি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব৷ ইফালে মৃতদেহটোৰ বহু ঠাইত আঘাতৰ চিন থকা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*