Friday, May 23, 2025
32 C
Guwahati

বিশ্বনাথত বিশ্ব থেলাচেমিয়া দিৱস পালন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত বিশ্ব থেলাচেমিয়া দিৱস পালন

চিকিৎসা বিষয়া, স্বেচ্ছাসেৱী সংগঠন, ৰক্তদাতা আদিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বিশেষ সজাগতা সভা

 

বিশ্বনাথ চাৰিআলি, ৮ মে’  আজি বিশ্বনাথতো পালন কৰা হয় ‘বিশ্ব থেলাচেমিয়া দিৱস’। বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ উদ্যোগত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমীপত থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মিলন কক্ষত চিকিৎসা বিষয়া, স্বেচ্ছাসেৱী সংগঠন, ৰক্তদাতা, থেলাচেমিয়াত আক্ৰান্তৰ অভিভাৱক আৰু সাংবাদিকৰ অংশগ্ৰহণেৰে এই বিশেষ দিনটোত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা। দিনৰ ১১ বজাত বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যতীন্দ্ৰ নাথ মেদকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ‘বিশ্ব থেলাচেমিয়া দিৱস’ৰ বিশেষ সজাগতামুলক সভাখনিত এই দিনটোৰ তাৎপৰ্য, থেলাচেমিয়াৰ সবিশেষ আৰু ইয়াৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বিষয়ে বিস্তৃত আলোচনা হয়।

 

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জোনালী গগৈয়ে দিৱসটিৰ লগতে অনুষ্ঠানটিৰ উদেশ্যে বাখ্যা কৰা সজাগতামুলক অনুষ্ঠানটিত মুখ্য চিকিৎসা বিষয়া ডাঃ যোগেন চন্দ্ৰ বেই থেলাচেমিয়াত আক্ৰান্তৰ বাবে ৰক্তদান, সামাজিক সংগঠন আদিৰ ভুমিকা তথা বিভাগীয় চিকিৎসা সম্পৰ্কীয় বিষয়সমূহ সামৰি নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰাৰ লগতে সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰি মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া তথা বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ গুঞ্জন পাঠকে ক্ৰমজমৰ জিনৰ বিসংগতিৰ বাবে হোৱা এক বংশগত ৰোগ থেলাচেমিয়াৰ বিষয়ে তথ্য সমৃদ্ধ ভাষন প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া(মুখ্যালয়) ডাঃ এলিজা ডেকা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নৃপেন শইকীয়া, জ্যেষ্ঠ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জীৱনজ্যোতি তেলীৰ উপৰিও বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী, ৰক্তভাণ্ডাৰৰ বিষয়া কৰ্মচাৰী, ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠন ৰংমন, ৰামধেনু, এটোপ, বিশ্বনাথ ব্লাড ডনৰ গ্ৰুপ, ৱাৰিয়ৰ আদিৰ প্ৰতিনিধিৰ লগতে থেলাচেমিয়াত আক্ৰান্তৰ অভিভাৱক, কিছু সংখ্যক স্বেচ্ছাই ৰক্তদান কৰা ব্যক্তি প্ৰমুখ্যে শতাধিক লোকে অংশগ্ৰহণ কৰে। সজাগতামুলক অনুষ্ঠানটিত থেলাচেমিয়াত আক্ৰান্তৰ একাধিক অভিভাৱকৰ উপৰিও সাংবাদিক আমিৰ খান, উপস্থিত অৰ্জুন ছেত্ৰী, ৰূপম দাস, বিভামনি দাস প্ৰমুখ্যে ব্যক্তিয়েও থেলাচেমিয়াৰ সজাগতাৰ বিষয়ে বক্তব্য দাঙি ধৰে। এই দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ উদ্যোগত ৭ মে’ৰ পৰা ১৩ মে’ পৰ্যন্ত ৰক্তদান কাৰ্যসূচীও মুকলি কৰা হৈছিল, য’ত আগ্ৰহী ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰিব পাৰিব।

মনকৰিবলগীয়া যে থেলাচেমিয়া ক্ৰমজমৰ জিনৰ বিসংগতিৰ বাবে হোৱা এক বংশগত ৰোগ যাৰ ফলত শৰীৰৰ হিমগ্লবিনৰ পৰিমাণ হ্ৰাস পায় আৰু ব্যক্তি এজন এনিমিয়াত ভূগিব পাৰে। হিমগ্লবিন হল আমাৰ তেজৰ লোহিত ৰক্ত কণিকাত থকা এক প্ৰকাৰৰ প্ৰটিন যিয়ে অক্সিজেন হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে। থেলাচেমিয়া ৰোগত শৰীৰত হিমগ্লবিন কম পৰিমাণে উৎপাদন হয় অথবা লোহিত ৰক্ত কণিকা সমূহ সোনকালে ধ্বংস হয়, ফলত ৰক্ত কণিকা সমূহ হ্ৰাস পোৱাৰ ফলত হিমগ্লবিনৰ পৰিমাণ হ্ৰাস পায় আৰু ইয়াৰ পৰিণতিত ব্যক্তি এজন এনিমিয়াত ভোগা দেখা যায়। কম হিমগ্লবিনৰ বাবে শৰীৰৰ কোষ সমূহে পৰ্য্যাপ্ত পৰিমাণে আক্সিজেন নেপায় আৰু স্বাভাৱিক কাৰ্য্য ক্ষমতা হ্ৰাস পায়।
উল্লেখযোগ্য যে ১৯৯৪ চনৰ পৰাই প্ৰতিটো বৰ্ষৰ ৮ মে’ দিনটো বিশ্বজুৰি বিশ্ব থেলাচেমিয়া দিৱস হিচাপে পালন কৰি অহা হৈছে ।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
33.3 ° C
33.3 °
33.3 °
49 %
1.1kmh
100 %
Fri
34 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds