31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বালিচাং আদৰ্শ চিকিৎসালয়ত উখল-মাখল পৰিৱেশ :: বিশ্বনাথত আৰম্ভ স্বাস্থ্য সেৱা উৎসৱ

     

    বিশ্বনাথ ৬ এপ্ৰিল ::

    সমগ্ৰ ৰাজ্যৰ লগতে বৃস্পতি বাৰ পৰা বিশ্বনাথতো আৰম্ভ হয় স্বাস্থ্য উৎসৱ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই স্বাস্থ্য সেৱা উৎসৱ আয়োজন কৰিছে বিশ্বনাথ প্ৰশাসনে।
    উল্লেখযোগ্য যে ৰাজ্যত সুৰক্ষিত আৰু গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এক অভিনৱ পদক্ষেপ হিচাপে সংযোজন কৰিছে স্বাস্থ্য সেৱা উৎসৱ।
    এই স্বাস্থ্য সেৱা উৎসৱ আজি পৰা আৰম্ভ হৈছে বিশ্বনাথ মহকুমাতো।


    ৰাজ্য খনৰ সকলো ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানৰ লগতে বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ অধিনৰ ৩১ টাকৈ স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়ত মূল্যাঙ্কন কৰাৰ বাবে বিশ্বনাথ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে স্বাস্থ্য উৎসৱ।

    বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ অধীনত ২ খন মহকুমা অসামৰিক চিকিৎসালয় ৩ খন সামুহিক স্বাস্থ্য কেন্দ্ৰ আৰু ২৬ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সামৰি আৰম্ভ কৰিছে স্বাস্থ্য উৎসৱ।
    ইফালে বৃস্পতি বাৰে পুৱা বিশ্বনাথ মহকুমাৰ বালিচাং আৰ্দশ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ প্ৰথমটো দিনতে দেখা গ’ল এক উখল মাখল পৰিৱেশ।

    পুৱা আৰম্ভণিতে চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দিগন্ত বড়োৰে মূল্যায়ন তথা নিৰিক্ষক হিচাপে উপস্থিত থকা অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসালয় বিভাগৰ ও খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্ত অভিজিৎ বৰুৱা (IAS) ক উস্ম আদৰণি জনাই।
    আয়ুক্ত গৰাকীয়ে চিকিৎসালয় উপস্থিত হৈ ৰঙা ফিটা কাটি প্ৰৱেশ কৰি চিকিৎসালয় খনৰ চাৰিও দিশ পৰিদৰ্শন কৰা লগতে পৰিস্কাৰ পৰিচ্ছন্নতা ওপৰত এক গুৰুত্ব দি চিকিৎসালয় খনৰ ৰোগী সকলৰ সৈতেও বাৰ্তালাভ কৰে আয়ুক্ত বৰুৱাই।

     


    ইয়াৰ পিছতে চাৰি দিশ আতি গুৰি চাই চিকিৎসালয় খন সুন্দৰ ভাৱে সজাই তুলা পৰিস্কাৰ পৰিচ্ছন্নতা লগতে চিকিৎসালয় খনৰ স্বাস্থ্য কৰ্মী সকলৰ ৰোগীৰ সৈতে থকা আন্তৰিকতা ওপৰত ও সন্তোষজনক বক্তব্য দাঙি ধৰে‌ ।

    এই স্বাস্থ্য সেৱা উৎসৱত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত থাকে তেজপুৰ মেডিকেল কলেজৰ তৃতীয় বৰ্ষৰ (PGT) ডাঃলেখৰাজ গৌতম।


    তেখেতে চিকিৎসালয় খনৰ সকলো দিশ পৰীক্ষা কৰি সকলো সন্তোষজনক বুলি মন্তব্য কৰে ৰাইজৰ ওচৰত। ইফালে এই উৎসৱত উপস্থিত থাকে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত স্বাস্থ্য বিভাগৰ লীজা তালুকদাৰ,বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, বিশ্বনাথ জিলা স্বাস্থ্য বিয়ষা যোগেন চন্দ্ৰ বে’ ওপৰিও অঞ্চলটো শতাধিক ৰাইজৰ উপস্থিতিত এই উৎসৱ অনুষ্ঠিত হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds