চল্লিশ লাখ টকাৰ সুৰা জব্দ:: পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ
বিশ্বনাথ চাৰিআলি ২৯ অক্টোবৰ:- বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৪০ লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা । পাচঁজনকৈ অবৈধ সুৰা ব্যবসায়ীৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে কালি নিশা বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত আৰু বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ সহযোগত গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ নগৰত এক অভিযান চলাই।
এই অভিযান কালত দীৰ্ঘদিন ধৰি অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ সৈতে জড়িত থকা বিশ্বনাথৰ দিবাকৰ ভট্টাচাৰ্য নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কালি নিশাও দিবাকৰ ভট্টাচাৰ্যই দুখন কৈ ট্ৰাকত অবৈধ অৰুণাচলী সুৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ বিশ্বনাথত উপস্হিত হৈছিল।বিশ্বনাথ জিলা অাৰক্ষীয়ে গোপন সূত্ৰৰে এই কথা জানিব পাৰি বিশ্বনাথ নগৰৰ পৰা দিবাকৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও সুৰা ভৰ্তি ট্ৰাক দুখন আৰক্ষীৰ অভিযানৰ বিষয়ে অবগত হৈ পলায়ন কৰিছিল।কিন্তু বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলে অবশেষত দুয়োখন সুৰা ভৰ্তি ট্ৰাক গোগামূখৰ পৰা জব্দ কৰাৰ লগতে আন চাৰিজন লোকক এই অবৈধ সুৰা সৰবৰাহ কৰা গোচৰত গ্ৰেপ্তাৰ কৰি বিশ্বনাথলৈ লৈ আনিবলৈ সক্ষম হয়।জব্দ কৰা ট্ৰাক দুখনৰ নাম্বাৰ হল এছ ০১ এম চি ৩৪৭২, এ এছ ০১এন চি ৩৪৭০ ।
Leave a Reply