ডিজিটেল ডেস্কঃ অসমৰ প্ৰখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন অৱশেষত বাস্তবায়ীত হয়। তেওঁৰ অন্তৰংগ মঞ্চ “জীৱকৃষ্ণ”ৰ উদ্বোধনৰ লগতে ‘স্কেল ষ্টাডি’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত লিখিত এখন গ্ৰন্থ আগশাৰীৰ সংগীত প্রতিষ্ঠান পিয়ানো কিছৰ মঞ্চত মুকলি কৰা হয়। অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ভক্তিমূলক সুৰ ‘মুক্তিতো নিস্প্ৰীহ’ দ্বাৰা আৰম্ভ কৰা হয়। যি ভক্তিসুৰক কুশল কৃষ্ণ দেৱ গোস্বামীয়ে স্বৰলিপিলৈ ৰূপান্তৰ কৰিছিল আৰু প্ৰতিষ্ঠানটোৰ শিক্ষার্থীসকলে বাদ্যসংগত কৰে।
ইয়াৰ পিছতে অসমৰ বিশিষ্ট সংগীতজ্ঞ সূর্য গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। কুশল কৃষ্ণ দেৱ গোস্বামীৰ স্বৰ্গীয় পিতৃৰ স্মৃতিত স্থাপিত অন্তৰংগ মঞ্চ উদ্বোধন কৰাৰ পিছত গোস্বামীয়ে কয়, “এই সংহত মঞ্চই ৰাজ্যখনত বহুতো প্রতিভা বিকাশ ঘটোৱাত যথেষ্ট সহায় কৰিব।” এই স্বকীয় আৰু আকৰ্ষণীয় মঞ্চখন পিয়ানো কিডছৰ সকলো শিক্ষার্থীৰ বাবে প্ৰতিভা বিকাশৰ মঞ্চ হ’ব বুলিও তেওঁ মন্তব্য কৰে।
জীৱকৃষ্ণত অংশগ্ৰহণকাৰীসকলৰ সৃজনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন কার্যকলাপ অন্তভূক্ত কৰা হ’ব। ‘জীৱকৃষ্ণ’ মঞ্চখন সকলোৰে বাবে প্ৰকৃতাৰ্থত এক অসামান্য আৰু অতুলনীয় অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে। এটা আদর্শ মঞ্চ প্রস্তুত কৰাটো গোস্বামীৰ এটি দীৰ্ঘদিনীয়া সপোন য’ত শিক্ষার্থীসকলে নিজকে সম্পূর্ণভাৱে প্ৰতিভা বিকশিত কৰিব পাৰে আৰু বন্ধুত্বপূর্ণ শিক্ষণ পৰিৱেশত স্ব-প্রতিভাবে জিলিকাব পাৰিব।
পশ্চিমীয়া সংগীতৰ ওপৰত লিখিত স্বৰলিপিৰ ‘স্কেল ষ্টাডি’ কিতাপখন ড০ ৰিপু কুমাৰ গগৈ আৰু ড০ দেৱব্ৰত খনিকৰে উন্মোচন কৰে। দুয়োগৰাকী উন্মোচকে দেৱ গোস্বামীক পিয়ানো সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ অপৰিসীম অৱদানৰ বাবে প্ৰশংসা কৰে। কুশল কৃষ্ণ দেৱ গোস্বামীয়ে যথেষ্ট শ্ৰম আৰু নিষ্ঠাৰে এখন কিতাপ প্রস্তুত কৰিছে আৰু কিতাপখন গুৰুত্বপূর্ণ সংগ্ৰহেৰে পৰিপূর্ণ। দেৱ গোস্বামীৰ স্কেল ষ্টাডিয়ে ভৱিষ্যতে শিক্ষার্থী, সংগীতজ্ঞ আৰু পিয়ানো উৎসাহীসকলৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।
অনুষ্ঠানটোত ৰিতুৰাজ মহন্তৰ দ্বাৰা নিৰ্মাণৰত পিয়ানো কিছৰ বহু প্রত্যাশিত ৱেবছাইটোও কুশল কৃষ্ণ দেৱ গোস্বামীয়ে মুকলি কৰে।
সন্ধিয়া পিয়ানো কিডছৰ প্ৰতিষ্ঠানৰ শিক্ষার্থীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় ‘মায়াবিনী’, ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘হে দোলা হে দোলা’ আৰু জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত অষ্টম বার্ষিক দিৱস উদ্যাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকল ক্ৰমে ড০ ৰিপু কুমাৰ গগৈ, ড০ দেৱব্ৰত খনিকৰ, প্ৰজ্ঞান দুৱাৰা, ৰূপৰেখা দত্ত, পৰাগ কুমাৰ গোহাঁই, কাজল গোস্বামী, ৰূপাংকৰ বৰুৱা আৰু ৰিতুৰাজ মহন্তক সম্বর্ধনা জনোৱা হয়।
Leave a Reply