বিহালীত বিজেপি অনুসূচিত জাতি মৰ্চা উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন 

বিহালীত বিজেপি অনুসূচিত জাতি মৰ্চা উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

 

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী জন্ম দিনৰ লগত সংগতি ৰাখি শনিবাৰে বিহালী সমষ্টিৰ ৰাংছালীত বিনামূলীয়া এক স্বাস্থ্য শিৱিৰ আয়োজন কৰে বিজেপি
অনুসূচিত জাতি মৰ্চা বিহালী মণ্ডলয়ে। ইফালে এই কাৰ্যসূচী লগত উপলক্ষে বিজেপি কৰ্মী সকলে বিনামূলিয়া স্বাস্থ্য শিৱিৰ জড়িয়তে ৰাংছালী শতাধিক লোকক বিনামূলীয়াকৈ ঔষধ যোগান ধৰা লগতে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে।
এই কাৰ্যসূচী শুভাৰম্ভ কৰে বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ দাসে । এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ বিজেপি দলৰ উপ সভাপতি ক্ষীৰোদ দাস বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপিকা ঢকাল নিজ বিহালী গাওঁ পঞ্চায়তৰ সভাপতি প্ৰেম চেত্ৰী বটিয়ামাৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমনি দাসৰ লগতে নিজ বিহালী আঞ্চলিক সদস্যা অনিমা হাজৰিকা আৰু বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সম্পাদক প্ৰনৱ কুমাৰ দাস ৰাংছালি উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকাকে ধৰি অঞ্চলৰ কেইবাজনো সমাজ সেৱক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*