31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    গৃহ নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা দৰিদ্ৰ জনতা । ৮ টকীয়া ইটা হঠাৎ হ’লগৈ ১২ টকা বিহালীত

    গৃহ নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা দৰিদ্ৰ জনতা । ৮ টকীয়া ইটা হঠাৎ হ’লগৈ ১২ টকা বিহালীত ::

     

    অসমৰ দৰিদ্ৰ জনতাক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে নেকি বিজেপি চৰকাৰ খনে। অসমৰ জনতাক মূল্য বৃদ্ধি হ্ৰাস কৰা প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ খনে এতিয়া সেই দৰিদ্ৰ জনতাকে যে ডিঙিত চেপা দিছে তাৰ স্পষ্ট হৈ পৰিছে ৰাজ্যত।
    কাৰণ অত্যাৱশ্যকীয় সামগ্ৰী পৰা গৃহ নিৰ্মাণ সামগ্ৰীলৈ জুই চাই দাম ৰাজ্যত।
    যাৰ ফলত এতিয়া দৰিদ্ৰ জনতাই সপোনৰ পকী গৃহটো সাজিবলৈ এশ বাৰ চিন্তা কৰিব লগা হৈছে । কাৰণ
    বনিয়া গোষ্ঠীক সন্তুষ্ট কৰিবলৈ বিজেপি চৰকাৰৰ খনে যে মূল্য বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস কৰা নাই শেহতীয়াকৈ ৰাজ্যত দেখিবলৈ পোৱা গৈছে । ইফালে অলপতে কেন্দ্ৰীয় চৰকাৰে খোৱা বস্তু পৰা আৰম্ভ কৰি প্ৰায় ৩২ বিধ সামগ্ৰীত GST লগাই দেশৰ জনতাক মাধমাৰ দিছে।
    কিন্তু তাৰ মাজতে কিছু হিতাধিকাৰী সৃষ্টি কৰি বিজেপি চৰকাৰে বা: বা: লোৱা পৰিলক্ষিত হৈছে।
    আনহাতে তাৰ মাজতে প্ৰতিদিনে দেশৰ লগতে ৰাজ্যত অভূতপূৰ্ব ভাৱে বৃদ্ধি পাইছে ইন্ধন আৰু গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ দাম।

    শেহতীয়াকৈ বিজেপি চৰকাৰ খনে যে মূল্য বৃদ্ধি ক্ষেত্ৰত চকু মূদি পুঁজিপতিৰ সুৰক্ষাত ব্যস্ত হৈ পৰিছে তাৰ স্পষ্ট ছবি দেখিবলৈ পোৱা গৈছে বিশ্বনাথত।

    আনহাতে বিশ্বনাথ, বিহালী সমষ্টিৰ একাংশ ইটা ভাটা মালিকে কোনো নীতি-নিয়ম নমনাকৈ নিজ ইচ্ছা অনুসৰি অবাধ ভাৱে বৃদ্ধি কৰিছে গৃহ নিৰ্মাণ কৰা ইটা মূল্য।
    বিশেষকৈ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত থকা একাংশ ইটা ভাটা মালিকে গৃহ নিৰ্মাণত ব্যৱহাৰ হোৱা এটা ইটা মূল্য বৃদ্ধি কৰি লুষ্ঠন চলাই যোৱা তথ্য পোহৰলৈ আহিছে। চলিত বৰ্ষৰ আগষ্ট মাহৰ শেষলৈকে বিহালী সমষ্টিৰ এক‌ নম্বৰ এটা ইটাৰ মূল্য ৮ পৰা ৯টকা আছিল যদিও ছেপ্টেম্বৰ প্ৰথম সপ্তাহ পৰা সেই ইটা একোটা মূল্য বৃদ্ধি কৰি ১২ পৰা ১৩ টকাৰ পৰ্যন্তে কৰা দেখা গৈছে।
    উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ দৰিদ্ৰ জনতালৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত গৃহ প্ৰদান কৰিছে ।
    সেই দৰিদ্ৰ জনতাই নিজৰ সপোনৰ পকী গৃহটো সাজিবলৈ এতিয়া এক হাজাৰ ইটা ১৩ পৰা ১৪ হাজাৰ টকা বিনিময়ত কিনিব লগীয়া পৰিস্থিতিয়ে জুৰুলা কৰি তুলিছে দৰিদ্ৰ পৰিয়াল সমূহত যাৰ ফলত এতিয়া চৰকাৰে দিয়া বাজেট অনুসৰি নিজৰ গৃহটো সম্পূৰ্ণ কৰিব পৰা নাই বহু হিতাধিকাৰীয়ে।
    আনহাতে বিহালী সমষ্টিৰ একাংশ ইটাভাটা মালিকে সেই দৰিদ্ৰ লোক সকলক লক্ষ্য কৰি অধিক দামত বিক্ৰী কৰা দেখা গৈছে ইটা।
    উল্লেখযোগ্য যে সেই দৰিদ্ৰ লোক সলকে উপায়হীন হৈ প্ৰথম কিস্তি ধনেৰে গৃহটো যদি নিৰ্মাণ নকৰে তেন্তে দ্বিতীয় কিস্তি ধন চৰকাৰে মুকলি কৰি নিদিয়ে যাৰ ফলত অধিক মূল্য দি হ’লেও ইটা ক্ৰয় কৰি গৃহ নিৰ্মাণ কৰিব লগা হৈছে দৰিদ্ৰ জনতাই ।

    কিন্তু তাকে বিহালী একাংশ ইটা ভাটা মালিকে সুযোগ গ্ৰহণ কৰি হঠাৎ ইটা মূল্য বৃদ্ধি কৰি দৰিদ্ৰ জনতাক ৰাম দাঙোন দিয়া দেখা গৈছে। একমাত্ৰ ইটা ভাটা মালিকেই নহয় এই সুযোগ গ্ৰহণ কৰিছে বিহালী বৰগাংৰ একাংশ চিমেন্ট, ৰ’ড দোকানীও। নিজৰ খেয়াল-খুছি অনুসৰি ৰ’ড, চিমেন্ট কে ধৰি গৃহ নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি কৰা দেখা গৈছে।
    এতিয়া প্ৰশ্ন হয় এই সকল ৰ’ড , চেমেন্ট দোকানী লগতে অত্যাধিক ইটা মূল্য লোৱা ইটা ভাটা মালিক নাকী লগাবলৈ সাহস হ’ব নে বিশ্বনাথ প্ৰশাসনৰ সেইটো হ’ব লক্ষ্যণীয়।

    Photo credit Google

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds