ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠা :

ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান  :

 

বিশ্বনাথ ৩০ জুলাই ::

শনিবাৰে বিহালী সমষ্টিৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰেক্ষাগৃহত বিহালী আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতি উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিহালী সমষ্টিৰ ২১৩ গৰাকী মেধাৱী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনাই।

 

সম্বৰ্ধনা অনুষ্ঠানটিত বিহালী ৰাংছালী সমাজ সেৱক শুকদেৱ বৰুৱাই সভাপতিত্বত কৰা সভা খনত আতঁ দৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনিয়াই ।

মুখ্য বক্তা হিচাপে উপস্থিত থকা ড০ ভূপেন বৰাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যৰে উৎসাহ মূলক বক্তব্যৰে অনুষ্ঠানটি জীপাল কৰি তোলে।


আনহাতে সভাত উপস্থিত থাকে যুৱ সমাজকৰ্মী ৰূপতি দাস,জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফিৰোজ দাস, বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিত্ৰ ৰঞ্জন ৰয় ,লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক জয়ন্ত হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন দাস,অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা বিশ্বনাথ জিলা সভাপতি সিংহ জিৎ হাজৰিকা , সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ বিশ্বনাথ জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মিন্টু বৰা , বিহালী আঞ্চলিক অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পল্লব বৰুৱা আৰু সম্পাদক জিন্টু দাসৰ লগতে সমাজ কৰ্মী সঞ্জীৱ দত্ত,সাংবাদিক শ্ৰীমন্ত দাসকে ধৰি অঞ্চলটো বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক গঠনমূলক পৰামৰ্শ আৰু বক্তব্য আগবঢ়াই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*