বিশ্বনাথৰ পাভৈত আছাৰ অভিনন্দন অনুষ্ঠান সম্পন্ন ৷
অসম খবৰ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৫ জুলাই ঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক সমিতি সমুহৰ সহযোগত চলিত বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ মানসেৰে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে ৷ পাভৈ ৰূপজ্যোতি কলা পৰিষদ ভৱনত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰে জিলা আছাৰ সভাপতি অমিত কিণ্ডয়ে ৷ সভাখনৰ আত ধৰে শিক্ষা সম্পাদক আশিষ তপ্পয়ে ৷ উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি শৈক্ষিক দিশৰ ওপৰত বিশেষভাবে আলোকপাত কৰা হয় ৷ বিশিষ্ট অতিথি হিচাবে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তামনি শৰ্মা , বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা পূৰৱী ভট্টাচাৰ্য , চাৰিআলি একাডেমিৰ অধ্যক্ষা অৰ্চনা শৰ্মা , অসম চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাৰ সম্পাদক নগেন গোৱালা , প্ৰাক্তন আছু নেতা দুলদুল বৰকটকী , আছাৰ প্ৰাক্তন নেতা ৰবিন ঘাটোৱাৰ, সদৌ চাওঁতাল ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সম্পাদক সোম চৰেণ প্ৰমুখ্যে আছাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ৷ ছাত্ৰ ছাত্ৰী সমন্বিতে প্ৰায় পাছ শতাধিক লোক উপস্থিত থকা অনুষ্ঠানভাগ সৰ্বতোদিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে উদ্যোক্তা ছাত্ৰ সংগঠন আৰু উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ৷
Leave a Reply