শোণিতপুৰ লখৰাত অসম ৰাইফলছ উদ্যোগত অগ্নিপথ আঁচনিৰ সন্দৰ্ভত সভা ::

শোণিতপুৰ লখৰাত অসম ৰাইফলছ উদ্যোগত অগ্নিপথ আঁচনিৰ সন্দৰ্ভত সভা ::

 বিশ্বনাথ 20 জুলাই::

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 চেক্টৰৰ অধীনত অসম ৰাইফলছৰ শোণিতপুৰ জিলাৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছে (পূব) উদ্যোগত বুধবাৰে লখৰা জ্ঞান বিকাশ একাডেমীত এখনি সজা সভা অনুষ্ঠিত হয়।
এই সজাগতা সভা খনত
জিলা খনৰ লগতে লখৰা, ছাৰিদূৱা অঞ্চলৰ স্থানীয় যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰে।

বিশেষকৈ ভৱিষ্যত যুৱক সকলে সশস্ত্ৰ বাহিনীৰ পৰীক্ষা, প্ৰশিক্ষণ কি দৰে লৈ সেনাবাহিনীত যোগদানৰ কৰিব পাৰি তাৰ ওপৰত আৰু অগ্নিপথ আঁচনিৰ খনৰ বিষয় ও বিশদ ভাৱে আলোচনা কৰা হয় সভাত । এই আলোচনা সভাতে যুৱক সকলক ভৱিষ্যতৰ অগ্নিপথ আচঁনি খনৰ সম্ভাৱনাৰ সুবিধাসমূহৰ বিষয়েও অৱগত কৰে অসম ৰাইফলছে। সজাগতা সভা খনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় ১১০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*