■ ৰঙাপৰা■ চাৰিদুৱাৰত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি কালি অনুষ্ঠিত এক সভাত ভাৰতীয় সেনাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে যোৱা ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাত ভৰ্তিৰ বাবে বিনামূলীয়া নিযুক্তি প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি পৰে।
বিগত ৬ বছৰে আগবঢ়াই অহা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী। লুইতপৰীয় ফাউণ্ডেচনে চাৰিদুৱাৰ স্থিত ভাৰতীয় সেনাৰ বল অফ ফায়াৰ দিভিজনৰ সহযোগত বিনামূলীয়া প্ৰশিক্ষণ, বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণ আদি বিভিন্ন কাম কৰি আহিছে।
অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকে অংশ গ্ৰহণ কৰি আহিছে এই প্ৰশিক্ষণ কৰ্মশালাত। চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত অংশগ্ৰহণ কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ভাৰতীয় সেনা বিষয়া সকলৰ হাতত তুলি দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰদান কৰা প্ৰশস্তি পত্ৰ।
জ্ঞান বিজ্ঞান একাডেমীৰ অধ্যক্ষ গনেশ লুইতপুৰীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ভাৰতীয় সেনাৰ বিষয়া সকলে অংশগ্ৰহণ কৰে।
Leave a Reply