অগ্নিপথ আঁচনিৰ সন্দৰ্ভত সজাগতা সভা লখৰাত :
বিশ্বনাথ ৮ জুলাই ::
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিৰ খনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ হৈ থকা সময়তে কোনো কোনো ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক- যুৱতী সকলে সমৰ্থন কৰাও দেখা গৈছে আচঁনি খন।
আনহাতে অগ্নিপথ আচঁনি জড়িয়তে সেনা বাহিনীত যোগদান কৰিবলৈ একাংশ যুৱক- যুৱতীয়ে ইতিমধ্যে অনুশীলন আৰম্ভ কৰা দেখা গৈছে শোণিতপুৰ বিশ্বনাথ জিলাত।
ইফালে এই কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনি খনৰ সন্দৰ্ভত শুক্ৰবাৰে শোণিতপুৰ জিলাৰ লখৰা অসম ৰাইফলছৰ দ্বাৰা এক সজাগতা সভা অনুষ্ঠিত হয় চাৰিদুৱাত।
অসম ৰাইফলছৰ
বেটেলিয়ন আৰু মুখ্য কাৰ্যালয়ৰ অধীনত অসম ৰাইফলছৰ মহাপৰিদৰ্শক (পূব) ২১ খণ্ডই অসমৰ শোণিতপুৰ জিলাৰ লখৰা আৰু চাৰিদুৱা অঞ্চলৰ প্ৰায় ১০৭ গৰাকীৰ স্থানীয় শিক্ষিত যুৱক-যুৱতীক এক গোট কৰি অগ্নিপথ আঁচনিৰ খনৰ সন্দৰ্ভত বহলাই বাখ্যা আগবঢ়াই অসম ৰাইফলছ বিষয়বীয়া সকলে।
এই সজাগতা সভাতে যুৱক-যুৱতী সকলক আঁচনি খনৰ লাভালাভৰ
আৰু আঁচনিখনৰ সন্দৰ্ভত দেশত চলি থকা সমস্যা বোৰৰ লগতে যুৱক সকলৰ ভাৱি থকা সন্দেহবোৰ দুৰ কৰিবলৈ স্পষ্ট ভাৱে প্ৰকাশ কৰে অসম ৰাইফছে প্ৰকাশ কৰে যুৱক যুৱতী সকলৰ আগত।
Leave a Reply