বিশ্বনাথৰ তৰাজুলিত পুত্ৰই পিতৃক হত্যা

বিশ্বনাথৰ তৰাজুলিত পুত্ৰই পিতৃক হত্যা ৷

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৫ জুন ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ এখন ভিতৰুৱা তৰাজুলি টঙীয়া গাওঁত সংঘটিত হয় এক হত্যাকাণ্ড ৷আজি নিচেই পুৱাতে মৃত অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো ৷ পৰিয়ালৰ লোকে সকলে জানিব দিয়া অনুসৰি যোৱা নিশা প্ৰায় ১০ মান বজাত সুৰাসক্ত অৱস্থাত থকা চোলে তেৰণে (২৩) নিজ পিতৃ সিং তেৰণৰ (৫৫) লগত কথাত কটাকটি হৈ অৱশেষত লিপ্ত হয় কাজিয়াত ৷ মদৰ ৰাগীত পুত্ৰই নিজ পিতৃক খৰিৰ টুকুৰাৰে প্ৰহাৰ কৰি অচেতন কৰি পেলাই থয় ৷ হাত আৰু ডিঙিৰ অংশত প্ৰচণ্ড ভাবে আঘাত পো্ৱা সিং তেৰনৰ নিচেই পুৱা ৩:৩০ মান বজাত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে ৷স্থানীয় গাওঁৰক্ষী বাহিনীয়ে ঘটনাৰ খবৰ পাই লগে লগে খবৰ দিয়ে বালিচাং আৰক্ষীক ৷বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে হত্যাকাৰী চোলে তেৰণক আটক কৰি ঘটনাটোৰ সন্দৰ্ভত সোধাপোচা অব্যাহত ৰাখিছে ৷ মদৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি গাওঁবাসী জানিব দিয়ে ৷

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Be the first to comment

Leave a Reply

Your email address will not be published.


*