■ শাসকীয় বিজেপি চৰকাৰ খনৰ দিনত পেট্ৰলজাত সামগ্ৰী,গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক যি ধৰণে কোঙা কৰি পেলাইছে তাৰেই প্ৰতিবাদত যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত,যোৰহাট জিলা যুৱ কংগ্ৰেছ আৰু NSUI ৰ সহযোগত মৰিয়নিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।
মৰিয়নি নগৰৰ থানা তিনি আলিৰ সমীপত হোৱা এই ধৰ্মঘট কাৰ্যসূচীত জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন সাংসদ দীপ গগৈ,মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাগৰাকী জিলা পৰ্যায়ৰ নেতা আৰু বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে
Leave a Reply Cancel reply