31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলি লী পে’লেচ হোটেলত ৱাৰিৱৰ্ছ জিলা সমিতি উদযাপন সমিতি বিশেষ সভা :

    বিশ্বনাথ চাৰিআলি লী পে’লেচ হোটেলত ৱাৰিৱৰ্ছ জিলা সমিতি উদযাপন সমিতি বিশেষ সভা ::

    অসম খবৰ বিশ্বনাথ চাৰিআলি ১১ জুন::
    শনিবাৰে বিশ্বনাথ চাৰিআলি হোটেল লী পে’লেচ বিশ্বনাথ জিলাৰ ৱাৰিৱৰ্ছ উদ্যোগত বিশেষ এখনি কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়।

    বিশ্বনাথ জিলা ৱাৰিৱৰ্ছৰ উপদেষ্টা তথা উদযাপন সমিতিৰ সভাপতি মহঃ প্ৰিন্স চামচুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক অৰ্জুন ছেত্ৰীয়ে।

    উল্লেখযোগ্য অহা ৩ অক্টোবৰ বিশ্বনাথ চাৰিআলিত এদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অধিবেশন খনৰ সন্দৰ্ভত এই সভা খন অনুষ্ঠিত হয়।
    সভাত আগন্তুক অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনৰ উদযাপন সমিতি সদস্য সদস্যাই অংশগ্ৰহণ কৰা লগতে
    সভাত অংশগ্ৰহণ কৰে ৱাৰিৱৰ্ছ অধ্যক্ষ উৎপল শিৱমে।


    অধ্যক্ষ গৰাকী সভাত উপস্থিত হৈ বিশ্বনাথ জিলা সমিতিয়ে এই বাৰ এখন জাকত জিলিকা অধিৱেশন ৰাইজক উপহাৰ দিব বুলি প্ৰকাশ কৰে।
    সভাত উপস্থিত থাকে বিশ্বনাথ চাৰিআলি ,পাভৈৰ মানৱ দৰদী চিকিৎসক তথা সমাজ সেৱক ৱাৰিৱৰ্ছ উদযাপন সমিতিৰ মূখ্য উপদেষ্টা ডাঃ ৰঞ্জন গগৈয়ে ৱাৰিৱৰ্ছৰ কাম কাজ সমূহৰ লগতে আগন্তুক হ’বলগীয়া অধিৱেশন খনত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱা কথা প্ৰকাশ কৰে।
    আনহাতে সভাত উপস্থিত থকা বিশিষ্ট সমাজ সেৱীকা তথা প্ৰাক্তন পৌৰপতি শেৱালি শৰ্মাই কয় আমি আজি আনন্দিত আৰু ভাগ্য বানযে ৱাৰিৱৰ্ছৰ দৰে এটা সামাজিক অনুষ্ঠানে বিশ্বনাথ চাৰিআলিত যি দ্বী বাৰ্ষিক অধিৱেশন খন অনুষ্ঠিত কৰা ৰ সিদ্ধান্ত গ্ৰহণ কৰাত আমি বিশ্বনাথবাসী হিচাপে আদৰণি জনোৱাৰ লগতে ৱাৰিৱৰ্ছৰ প্ৰতিটো কাম কাজত সহায় কৰাৰ কথা উল্লেখ কৰে।


    সভাত ৰাজ্যিক সাধাৰণ সম্পাদিকা সুস্বপ্না হাজৰিকা,
    ৰাজ্যিক সমিতিৰ বিত্তীয় সম্পাদিকা নিতুৰ্পনা শৰ্মা,
    ৰাজ্যিক বিত্তীয় উপদেষ্টা সোনমণি বায়ণ, ৱাৰিৱৰ্ছ বাক্সা জিলাৰ প্ৰতিনিধি ধনজিৎ হালৈ, জামুগুৰি আঞ্চলিকৰ সভাপতি সুনিল আগৱালা,
    বিশ্বনাথ জিলা সভানেত্ৰী অঞ্জলি বৰুৱা,
    জিলা সহকাৰী সম্পাদিকা ববী শইকীয়া, জিলা বিত্তীয় সম্পাদিকা পূৰবী বৰা, উদযাপন সমিতি ব্যৱস্থাপনা সমিতিৰ উপদেষ্টা শিশিৰ সৰকাৰ উদযাপন সমিতিৰ সহকাৰী সম্পাদক ত্ৰিদিপ দাসকে ধৰি বহু কেইজন সদস্য/ সদস্যাই অংশগ্ৰহণ কৰাৰ লগতে জিলা খনৰ আঞ্চলিক সমিতি সমূহৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
    আনহাতে এই সভাতে ৰাজ্যিক সমিতিয়ে অধিৱেশনৰ বাবে অৰ্থ হিচাপে কাম কাজ আগবঢ়াবলৈ জিলা সম্পাদক অৰ্জুন ছেত্ৰীক কিছু আৰ্থিক যোগান ধৰে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds