
মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি ::
ৰাষ্ট্ৰীয় বঁটা লাভ বিহালী জোন- নেহালৈ :
মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি । ৰাষ্ট্ৰীয় পৰ্যায়ত সংস্কৃতি বঁটা পালে দুই অসমীয়াই ।বিহালীৰ সন্তান জোন দাস আৰু নেহা বৰাই মহাৰাষ্ট্ৰ সমতা সাহিত্য একাডেমিয়ে ৰাষ্ট্ৰীয় সাংস্কৃতিক বটাঁৰ লাভ কৰিবলৈ সক্ষম হৈছে।
জোন আৰু নেহাই বহুদিনৰ পৰা কণকণ শিশুসকলক ঢোল আৰু বিহুৰ ওপৰত শিক্ষা দান কৰি সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল তাৰ ফল স্বৰূপে আজি সুদুৰ মহাৰাষ্ট্ৰত এনে বটাঁ পাবলৈ সক্ষম হৈছে ৷
এই বটাঁ পোৱাত অকল বিহালীতে নহয় সমগ্ৰ অসমৰে এক গৌৰৱৰ বিষয় বুলি প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিক খগেন মটক আৰু যুৱ সাংবাদিক শ্ৰীমন্ত দাসে।
যুৱ প্ৰজন্মৰ প্ৰিয়া দুই শিল্পীলৈ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।
Leave a Reply Cancel reply