31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাজ্যৰ প্ৰথমখন আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ শুভ উদ্ধোধন ড০হিমন্ত বিশ্ব শৰ্মাই

    ৰাজ্যৰ প্ৰথমখন আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ শুভ উদ্ধোধন ড০হিমন্ত বিশ্ব শৰ্মাই :
    শিশু সৈতে ঢোল উমলিলে মুখ্যমন্ত্ৰীয়ে :

    মাঘ বিহুত কোনো মদ্যপান কৰি গাড়ী চলাব নোৱাৰিব :

    বিশ্বনাথ ২ জানুৱাৰী :

    পাছ দিনীয়া কাৰ্যসুচীৰে উত্তৰ অসম আৰু উজনি অসমলৈ আহিছে মূখ্যমন্ত্ৰী হিমন্ত শৰ্মা ৷
    গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত । ৰাজ্যৰ ১১ লাখ প্ৰথম শ্ৰেণী (নিয়মীয়া পৰিশোধকাৰী) হিতাধিকাৰীৰ বাবে চৰকাৰে আগবঢ়োৱা অসম মাইক্ৰফাইনেন্স উদগণি আৰু সকাহ আঁচনি, ২০২১ ৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, জলসম্পদ মন্ত্ৰী পিযুশ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, চতিয়া, বিহালী, বিশ্বনাথ, গহপুৰ, ৰঙাপাৰাৰ বিধায়ক, বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে জিলাখনৰ উচ্চ পদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰে ।

    অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে আজি জিলাখনৰ ১২৫৯০ গৰাকী মহিলা হিতাধিকাৰীৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ হাজাৰ ১৪ গৰাকী মহিলাক চেক প্ৰদান কৰে । অনুষ্ঠানৰ পূৰ্বে চৰকাৰ গঠনৰ পিছতে অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মান কৰা মডেল অংগনবাদী কেন্দ্ৰটি মুখ্যমন্ত্ৰী গৰাকীয়ে শুভাৰম্ভণি কৰে বিশ্বনাথৰ বামগাঁৱত ৷ মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগণবাদী কেন্দ্ৰটি উদ্ধোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাদী কেন্দ্ৰ স্থাপনৰ কথা জানিবলৈ দিয়ে ৷‌ অহা ১ ফেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চে ঋনৰ সাহাৰ্য লাভ কৰিবৰ বাবে মহিলা সকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

    ইয়াৰ পিছতে কমলাকান্ত ক্ষেত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী শৰ্মাই গোটৰ মহিলা সকলক উদ্দেশি দিয়া ভাষণ প্ৰসংগত কয় যে, চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলে হে ছুটি মঞ্জুৰ হব চৰকাৰী কৰ্মচাৰীৰ ৷ ফটো জমা নিদিলে কেজুৱেল লিভ হে পাব কৰ্মচাৰীয়ে ৷ অহা বৰ্ষৰ পৰা পিতৃ মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগতে পিতৃ মাতৃক তীৰ্থ ভ্ৰমন কৰাৱলৈ চৰকাৰে আঁচনিৰ জৰিয়তে পুঁজি যোগান ধৰিব ৷ আনহাতে এতিয়াৰে পৰা জাতিৰ প্ৰমান পত্ৰ নিবলৈ আহিব নালাগে চৰকাৰী কাৰ্যালয়লৈ ৷ বিষয়া -কৰ্মচাৰীয়ে গাঁৱে গাঁৱে গৈ বিদ্যালয়ে বিদ্যালয়ে দিব লাগিব জাতিগত প্ৰমান পত্ৰ ৷ আনহাতে অসমত নতুন নিয়ম চলিছে বুলি উল্লেখ কৰি মূখ্যমন্ত্ৰীয়ে মহিলা সকলক চেক সমূহ লওতে চৰকাৰী বিষয়াক উৎকোচ নিদিবলৈ আহ্বান জনাই ৷ চৰকাৰী কাৰ্যালয়লৈ গ’লে কোনোবাই ধন বিচাৰিলে ভিডিঅ কৰি ফেচবুকত দিবলৈ দি মোক চিঠি লিখিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উপায়ুক্তৰ কাৰ্যালয় বা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গলে বিষয়া-কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে মুখ্যমন্ত্ৰী চাৰে আপোনাক চাহ খুওৱাবলৈ কৈছে বুলি ক’বলৈ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds