31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙাপৰাত সদৌ অসম ভোজপুৰী পৰিষদৰ ১৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন

    ● ৰঙাপৰাঃ আজি সদৌ অসম ভোজপুৰী পৰিষদ ৰঙাপৰাৰ পুৰুষ আৰু মহিলা আঞ্চলিক সমিটি আৰু বৰজুলি শাখা, ২ নং ওৱাৰ্ড শাখা সমিতিৰ উদ্যোগত ৰঙাপৰা নগৰৰ শিৱ মন্দিৰ প্ৰাংগণত সদৌ অসম ভোজপুৰী পৰিষদৰ ১৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

    পুৱা পতাকা উত্তোলন কৰে ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি ৰোহিত গুপ্তাই। ইয়াৰ পাছতে সংগঠনটোৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় পৰশুৰাম ডুবেৰ ছবিত মাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ভোজপুৰী পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি ৰোহিত গুপ্তা, সম্পাদক পিন্টু চাহ আৰু পাপ্পু ৰায়ে।

    সভাত সংগঠনটোৰ প্ৰতিষ্ঠাপক দিলীপ গুপ্তা, ছাহনাৱাজ আনচাৰী,সুনীল গুপ্তাকে আদি কৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অধিৱেশনত জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে সংগঠনটোৰ প্ৰতিগৰাকী বিষয়ববীয়া সংকল্পবদ্ধ হয়।

    সভাত অংশগ্ৰহণ কৰি ৰঙাপৰা নগৰ সমিতিৰ (বৰ্তমান পৌৰসভা) প্ৰাক্তন সভাপতি ছাহনাৱাজ আনচাৰীয়ে সংঘটনটোৰ জন্মলগ্নৰ ঐতিহাসিক পটভূমিক স্মৰণ কৰি  দায়বদ্ধতাৰে সংঘটনটোক আগবঢ়াই লৈ যাবলৈ সকলোকে আহ্বান জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds