Monday, June 9, 2025
32.1 C
Guwahati
TOP NEWS:

ৰঙাপৰাত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক সম্বৰ্ধনা

ৰঙাপৰা ষ্টেট বেংকৰ প্ৰবন্ধক মলয় কান্তি পালৰ নেতৃত্বত যোৱা বেংকৰ বিষয়া সকলে দিনৰ ১১ মান বজাত ৰঙাপৰা ৰে’লৱে চিকিৎসালয় আৰু ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক সকলক সম্বৰ্ধনা জনায়‌।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আজি চিকিৎসক দিৱস উপলক্ষে বিভিন্ন দল-সংগঠনে ৰঙাপৰা অঞ্চলৰ চিকিৎসক সকলক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনাজ্ঞাপন কৰে৷ আজি ৰাষ্ট্ৰীয় চিকিৎসা দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংক ৰঙাপৰা শাখাই ৰঙাপৰা ৰে’লৱে চিকিৎসালয়ৰ চিকিৎসক সকল আৰু ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক সকলক চিকিৎসা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে এখনকৈ গামোচা আৰু উপহাৰেৰে সৰ্ম্বধনা জনাই।

ৰঙাপৰা ষ্টেট বেংকৰ প্ৰবন্ধক মলয় কান্তি পালৰ নেতৃত্বত যোৱা বেংকৰ বিষয়া সকলে দিনৰ ১১ মান বজাত ৰঙাপৰা ৰে’লৱে চিকিৎসালয় আৰু ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক সকলক সম্বৰ্ধনা জনায়‌। ৰঙাপৰা ষ্টেট বেংকৰ প্ৰবন্ধক মলয় কান্তি পালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, আজি বেংক দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে ৰাইজৰ কল্যান সাধনৰ ক্ষেত্ৰত চিকিৎসকসকলৰ যুগমীয়া অৱদানৰ বাবে চিকিৎসক দিৱসত চিকিৎসক সকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। চিকিৎসক সকলৰ কোনো তুলনা নাই বুলি তেওঁ উল্লেখ কৰে।

ৰঙাপৰাত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক সম্বৰ্ধনা

ইপিনে অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাই অঞ্চলটোৰ প্ৰতিখন চাহ বাগিচাত থকা চিকিৎসালয়ৰ চিকিৎসক সকলক সম্বৰ্ধনা জনায়। এই দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে ক’ৰ’না ভাইৰাছৰ সৈতে দৃঢ়তাৰে যুঁজা চিকিৎসক সকলক চিকিৎসক দিৱসৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে৷ সমাজখনৰ কাৰ্যক্ষম আৰু সুস্থ কৰি ৰখাৰ বাবে চৌব্বিশ ঘণ্টাই কঠোৰ পৰিশ্ৰমেৰে প্ৰচেষ্টা অব্যাহত ৰখা চিকিৎসকসকলক তেওঁ অভিনন্দন জনায়।

ৰঙাপৰাত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক সম্বৰ্ধনা

আনহাতে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰঙাপৰা শাখাই চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি ক’ৰনা মহামাৰীৰ যোদ্ধা চিকিৎসকসকলৰ মনোবল বৃদ্ধিৰ বাবে ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে শোনিতপুৰ জিলাৰ সামাজিক মাধ্যম প্ৰমুখ ভাস্কৰ সৰকাৰ, ৰঙাপৰা শাখাৰ সম্পাদক অভিষেক শিং আৰু সংগঠনটোৰ বিষয়ববীয়া সকল।

- Advertisement -

Hot this week

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল...

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

Topics

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল...

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

Related Articles

Popular Categories

Assam
clear sky
28.8 ° C
28.8 °
28.8 °
77 %
1.1kmh
0 %
Mon
35 °
Tue
36 °
Wed
35 °
Thu
36 °
Fri
35 °