31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ১১ দিনীয়া কাৰ্যসূচীৰে পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ

    মৃন্ময় মূৰ্তিৰ ষ্টল আৰু জনগোষ্ঠীয় খাদ্যমেলাই আকৰ্ষণ কৰিছে ৰাইজক

    গুৱাহাটী: গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবেলি ২৫ টা বছৰত ভৰি দিয়া উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে।

    সেই অনুসৰি পৱিত্ৰ পূৰ্ণিমা তিথিৰ লগত সংগতি ৰাখি ৰাজ্যৰ আন প্ৰান্তৰ লগতে ১৫ নৱেম্বৰৰ দিনা সন্ধিয়া ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৰাসৰ মুখ্য দ্বাৰ উদ্ধোধন কৰি মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বাবে বিষয়া হেমন্ত চৌধুৰীয়ে। এই উপলক্ষে ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি দীপক চন্দ্ৰ বড়ো (কুলি) ৰ সভাপতিত্বত অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত হেমন্ত চৌধুৰীয়ে ৰাস মহোৎসৱৰ তাৎপৰ্য দাঙি ধৰি কয় যে ৰাস হৈছে আধ্যাত্মিকতাৰ মিলনভূমি।

    যিটো ভক্তিৰসৰ মাজেৰে ভগৱান শ্ৰী কৃষ্ণই ৰাসৰ জৰিয়তে দেখুৱাই যাবলৈ সক্ষম হৈছে। অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল কুমাৰ দাস , উপ সভাপতি পুনাল বড়ো আৰু ধীৰাজ টুমুং সাধাৰণ সম্পাদকদ্বয় বলেশ্বৰ ৰংপী আৰু জয়ন্ত টুমুং মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়ো, সম্পাদক আনন্দ ৰাম বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে অহা ২৫ নৱেম্বৰলৈকে চলিবলগীয়া ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মহোৎসৱথলীত স্থাপন কৰা ৩০ টা ষ্টলত ৰাসৰ স্মৃতি বিজড়িত বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি, মাজভাগত স্থাপন কৰা দৃষ্টিনন্দন বৃন্দাবনে স্বাভাবিকতে জাতি-জনগোষ্ঠীৰ মিলনভূমি বৃহত্তৰ গড়চুক আৰু পামহী অঞ্চলত সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰিব বুলি সচেতন লোক সকলে ব্যক্ত কৰিছে।

    ইয়াৰ উপৰিও বিগত বছৰ সমুহৰ দৰে এইবেলিও ৰাসৰ লগত সংগতি ৰাখি মহোৎসৱথলীত অনুষ্ঠিত হৈছে অসমৰ পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা, বাণিজ্য মেলা আৰু আনন্দ মেলা। ইফালে ৰাস মহোৎসৱৰ আটাইকেইদিনতে পুৱা পূজা আৰম্ভ, বিয়লি গীতা পাঠ আৰু নামতি দলে নাম পৰিৱেশন কৰিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds