● গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি
সদৌ অসম চৰকাৰী এন. পি. এচ কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত বিয়লি ২:৩০ বজাত অনুষ্ঠিত সাধাৰণ সভা খনত সদৌ অসম চৰকাৰী এন. পি. এচ কৰ্মচাৰী সন্থাৰ কৃষ্ণাই ব্লক কমিটি খন গঠন কৰা হয়।
কমিটি খনত ভক্ত প্ৰহ্লাদ নাথক সভাপতি, মেহবুব আলী আহমেদক উপ সভাপতি, মুজাহাৰুল ইছলামক সম্পাদক, ছাইফুল ইছলাম আৰু পাৰ্শ্বনাথ ৰাভাক সহঃসম্পাদক আৰু ৰাজু বণিকক কোষাধ্যক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হয় ৷