Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

শোণিতপুৰৰ বাঁহবাৰীত উদযাপন চতুৰ্দশ বাৰ্ষিক কৰম উৎসৱ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ ৰঙাপৰাঃ কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ একাদশীত উদযাপন কৰা এই কৰম উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে। আজিৰ দিনটোত চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা হিচাপে জনাজাত। কৃষিকাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে পালন কৰা হয় এই পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বাঁহবাৰীত আনন্দ উল্লাহেৰে পালন কৰম উৎসৱ৷

অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) বাঁহবাৰী উপ শাখাৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত চতুৰ্দশ বাৰ্ষিক কৰম উৎসৱ ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা পৰিলক্ষিত হয়। যুৱক-যুৱতীসকলে ঝুমুৰৰ তালে-তালে হাতে-হাত ধৰি নৃত্য কৰাও পৰিলক্ষিত হৈছে। বাঁহবাৰীৰ অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাংগনত অনুষ্ঠিত কৰম পূজাত সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কদম গছ ৰোপন কৰি বেদী স্থাপনেৰে ধূপ-দীপ-নৈবদ্যৰে পূজা অৰ্চনা কৰি সকলোৰে মংগল কামনা কৰে।

সম্পূৰ্ণ ৰীতি-নীতিৰে জাৱা জাগা ব্ৰতৰে তিনি দিন উপবাসে থাকি ব্ৰত পালন কৰা গাঁৱৰ কুমাৰী কন্যাসকলৰ দ্বাৰা কৰম ডাল আনি প্ৰতিষ্ঠা কৰাৰ পিছত পূজা-পাতল আৰম্ভ হয় আৰু পূজা ভাগত ধৰ্মা-কৰ্মাৰ কাহিনী সাৱলীলভাৱে ব্যাখ্যা দাঙি ধৰে কাহিনীকাৰ ললিত কৰ্মকাৰ আৰু সহযোগ কৰে পূৰ্নকান্ত কৰ্মকাৰে। আখড়া মুকলি আৰু ঝুমুৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বৰঘোপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক লোহিত চন্দ্ৰ ৰাজৱাৰে।

কৰম উদযাপন সমিতিৰ কাৰ্যবাহী সভাপতি প্ৰাঞ্জল কুৰ্মি আৰু বাঁহবাৰী উপ শাখাৰ (আটছা)ৰ সম্পাদক শোভানন্দ ৰাজৱাৰে আত ধৰা মুকলি সভাত অংশগ্ৰহন কৰি হামৰো প্ৰজাশক্তি কাকতৰ মূখ্য পৰিচালন সঞ্চালক অঞ্জন উপাধ্যায় চাহ জনগোষ্ঠী আৰু নেপালী সম্প্ৰদায় দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা। চৰকাৰে এই সম্প্ৰদায়ক ভূমিৰ অধিকাৰ দিব লাগে। ভূমিৰ অধিকাৰ সম্প্ৰদায় দুটাৰ মূখ্য দাবী বুলি তেওঁ উল্লেখ কৰে। সভাত অংশগ্ৰহন কৰি আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতীয়ে চাহ শ্ৰমিকসকলক মজুৰিসহ কৰম পূজা দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনায়।

 

কালি সন্ধিয়া ৯ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য দ্বীপেন নায়ক, শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বাতাশ ওৰাং, চাৰিদুৱাৰ চাহ বাগিছাৰ জেষ্ঠ পৰিচালক পংকজ ভাটিয়া,অনিল কুৰ্মি, দৌলত ৰাজৱাৰ, সুনীল টুটি, প্ৰনৱ দত্ত, অজয় তাঁতী, বাঁহবাৰী উপ শাখাৰ সভাপতি সঞ্জীত ওৰাং, উদযাপন সমিতিৰ সভাপতি খগেন ৰাজৱাৰকে ধৰি বহু গন্য মান্য ব্যক্তি অংশগ্ৰহণ কৰে।

- Advertisement -

Hot this week

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25 ° C
25 °
25 °
96 %
1.4kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds