♦শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ শিৱসাগৰ জিলাৰ হাঁহচৰাত আজি বিয়লি ২ মান বজাত মটৰ চাইকেল আৰু টাটা মেজিকৰ মুখা-মুখী সংৰ্ঘষ হয়। এই সংৰ্ঘষত প্ৰায় ৬ জনকৈ লোক আঘাতপ্ৰাপ্ত হয়। টাটা মেজিক খনৰ নম্বৰ AS 04AC9953 আৰু বাইকখনৰ নম্বৰৰ AS04AA3316 । বাইকত অহা আহত ২ জন ছাত্ৰ আছিল শিৱসাগৰ জুনিয়ৰ কলেজৰ। টিউচন সমাপ্ত কৰি আহি থাকোতে হাঁহচৰাৰ কুজিবালি সমীপৰ কেকুঁৰীত দুৰ্ঘটনাটো সংঘটিত হয়। শিৱসাগৰ জুনিঅ’ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰ এজনৰ ঘৰ চূণপুৰাত আৰু আন জনৰ ঘৰ ধিতাই পুখুৰীত। গুৰুতৰ ভাৱে আহত হোৱা বাইক আৰোহী আৰু টাটা মেজিকৰ লোক সকলক খৰ-খেদাকৈ স্থানীয় চেৰেকাপাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg