31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আৰু সতিভেটি নৱমিলন যুৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত ৰাষ্ট্ৰীয় শিশু দিৱস উপলক্ষে শিশু সমাৰোহ আৰু নেহৰু যুৱ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

    মায়ং, ১৫ নবেম্বৰ::

    সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মৰিগাঁও জিলাৰ প্ৰসিদ্ধ ঠাই তথা তন্ত-মন্ত্ৰৰ বাবে বিখ্যাত যাদুৰ দেশখ্যাত মায়ঙৰ সতিভেটিৰ মধ্য মায়ং মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু দিৱস উপলক্ষে দিনযোৰা কাৰ্য্যসূচীৰে শিশু সমাৰোহ আৰু নেহৰু যুৱ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদ্ যাপন কৰা দেখিবলৈ পোৱা যায় |

    মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত সটিভেটি নৱমিলন সংঘ আৰু পুথিভঁড়ালৰ সহযোগত মধ্য মায়ং মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা শিশু সমাৰোহ খনৰ বন্তি প্ৰজ্বলন আৰু সংঘৰ পতাকা উত্তোলন কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰে সংঘৰ সভপতি বাপন শইকীয়াই

    পূৱা ৯ বজাৰ পৰা শিশুসকলৰ মাজত খেল-ধেমালি, নাচ-গান, কবিতা আবৃতি আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় |

    পূৱা ১১ বজাত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলী অৰ্পনৰে শ্ৰদ্ধা নিবেদন কৰা হয় |

    দুপৰীয়া ১২.৩০ বজাত শিশু সুৰক্ষা আৰু বিকাশত সমাজৰ দায়বদ্ধতা বিষয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় |

    মধ্য মায়ং উন্নয়ন সমিতিৰ সভাপতি বসন্ত শইকীয়াই সঞ্চালনা কৰা সজাগতা সভাখন উদ্বোধনী ভাষণ আগবঢ়ায় মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনীভুষণ নাথে |

    আদৰণি ভাষণৰ লগতে সভাৰ উদ্দেশ্যৰ বিস্তিত ব্যাখ্যা দাঙি ধৰে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সাধাৰণ সম্পাদক বলদেৱ নাথে | সভাত বিশিষ্ট অতিথিৰ ভাষণ ৰাখে পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতি, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি মিহিৰ হাজৰিকা আৰু প্ৰতিদিন কাকতৰ সাংবাদিক নজৰুল ইছলামে। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা কবিতা শইকীয়া বিষয়া, নেহৰু যুৱ কেন্দ্ৰৰ জ্যেষ্ঠ গাণনিক ধনঞ্জয় তালুকদাৰ আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ অৰ্ধ আইনী স্বেচ্ছাসেৱক তথা সাংবাদিক ভৰত কুমাৰ নাথে |

    সভাৰ শেষত নৱমিলন যুৱক সংঘ আৰু পুথিভঁড়ালটিলৈ গ্ৰাম্য পুথিভঁৰাল সন্থাই এটি গ্ৰন্থৰ টোপোলা আগবঢ়ায় আৰু প্ৰতিযোগিতাত স্থান দখল কৰা শিশু সকলক একোখনকৈ মান পত্ৰৰ লগতে একোখনকৈ কিতাপেৰে পুৰস্কৃত কৰে ।

    কাৰ্য্যসূচীত সমাজ কল্যাণ বিভাগৰ পৰা পৰ্য্যবেসিকা ৰুমী শৰ্মা আৰু দুলুমনি দাসৰ লগতে অংগনৱাদী কৰ্মী সকলেও উপস্থিত থাকি শিশুসকলৰ উচ্চতা আৰু ওজনৰ জৰিয়তে শিশু সকলৰ পৰিপুষ্টী মূল্যায়নৰ তথ্য যুগুতোৱা পৰিলক্ষিত হয় |

    মধ্য মায়ং মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল ডেকাৰ লগতে সহকাৰী শিক্ষক নকুল শইকীয়া, উপেন শইকীয়া, চচীন্দ মণ্ডল, জিলা পুথিভঁড়াল সন্থাৰ উপ-সভাপতি কৃষ্ণানন্দ নাথ, সাংগঠণিক সম্পাদক চন্দন বৰুৱা, প্ৰচাৰ সম্পাদক গুনেন্দ কুমাৰ নাথ, সাংস্কৃতিক সম্পাদিকা ৰানু ডেকা, সদস্য মোহন নাথ আৰু নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্চাসেৱকবাহীনিয়ে সমূহ কাৰ্য্যসূচীত সক্ৰীয় সহযোগিতা আগবঢ়াই সমাৰোহখন সফল ৰূপায়নত সহায় কৰে |

    সমাৰোহৰ সমূহ কাৰ্য্যসূচীৰ আট ধৰে যুৱ সংঘটিৰ কাৰ্য্যকৰি সভাপতি বনমালি শইকীয়া আৰু সম্পাদক বিজয় শইকীয়াই | অঞ্চলৰ ১৫০ ৰো অধিক শিশুৰ লগতে পিতৃ-মাতৃৰ লগতে যুৱক-যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে |

    কাৰ্য্যসূচীত পুথিভঁড়াল আন্দোলনক অধিক তৰান্বিত কৰাত বলীস্থ সহযোগিতা আগবঢ়াই অহা ৰজামায়ং মিলনজ্যোতি সংঘ পুথিভঁড়ালৰ সম্পাদক কমল চন্দ্ৰ নাথ আৰু ঔগুৰী যুৱ সংঘ আৰু পুথিভঁড়ালৰ সভাপতি জয়ন্ত শইকীয়াৰ লগতে প্ৰতিনিধি সকলে সহযোগিতা আগবঢ়াই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds