প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাব সন্দৰ্ভত প্রধানমন্ত্ৰীক অৱগত কৰে।
ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সাহায্য বান্যৰ্তক আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্রী মোদীক জানিবলৈ দিয়ে। প্রধানমন্ত্ৰী মোদীয়ে ছিকিমৰ শোচনীয় বান পৰিস্থিতি সন্দৰ্ভতো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে। বান, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ৰাজ্যখনক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ লগতে মুখ্যমন্ত্ৰী টামাঙে প্রধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ পৰিস্থিতি চম্ভালিবৰ বাবে ৰাজ্য প্ৰশাসন সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু দুৰ্যোগৰ কবলত পৰা লোকসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে৷




