31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা, ড্ৰাগছ ব্যৱসায়ীক আটক

    ■ নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলত আৰক্ষীৰ দিনে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান। যোৱা নিশা মুকালমুৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমন্ত বৰাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৰ্নিবাৰীত।

    উল্লেখযোগ্য যে, বৰ্নিবাৰীৰ এটি পুখুৰী পাৰত থকা জুপুৰিৰ পৰা ছাহাবুদ্দিন ওৰফে মতিউৰ আলীক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।
    জানিব পৰা মতে ধৃত ব্যবসায়ী মতিউৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

    ধৃত ব্যবসায়ীজনৰ বিৰুদ্ধে আৰক্ষী থানাত ইতিমধ্যে বহু কেইটা গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে।
    আৰক্ষীয়ে যোৱানিশা অভিযান চলাই বৰ্নিবাৰীৰ পৰা ধৃত ব্যবসায়ীজনৰ লগতে কেইবা হেজাৰ মূল্যৰ ফেঞ্চিদাইল আৰু নাইট্ৰোস্পাম টেবলেট জব্দ কৰে।
    সম্প্ৰতি ধৃত ড্ৰাগছ ব্যৱসায়ী জনক মুকালমুৱা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.