31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী দক্ষিণ ৰাংছালীত ক’ন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰঃ কন্টেনমেন্ট জ’নত উপস্থিত উপায়ুক্ত

    অঞ্চলটোৰ বিভিন্ন সজাগতা সৃষ্টি কৰিছে স্থানীয় গাওঁ ৰক্ষীবাহিনী সদস্য, গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি সকলে। ইফালে বুধবাৰে উক্ত অঞ্চলটোৰ কন্টেইনমেন্ট জ’নত থকা ৬০ ঘৰ পৰিয়ালক খাদ্য সামগ্ৰী বিৰতণ কৰে পঞ্চায়ত প্ৰতিনিধি আৰু জিলা প্ৰশাসনে।

    ♦ বিহালী পৰা পলাশ প্ৰিয়মঃ বিহালীত সমষ্টিত দৈনিক বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্ত সংখ্যা। সমষ্টিটো ৮০০ ৰো অধিক লোকৰ দেহত চিনাক্ত কভিড১৯। ইফালে সমষ্টিটোৰ বটিয়ামাৰী গাওঁ পঞ্চায়ত দক্ষিণ ৰাংছালী গাৱঁখনতো তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ভিড১৯ সংখ্যা৷

    ইফালে অধিক সংক্ৰমণ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা প্ৰশাসনে গাওঁ খনৰ ১ নং ৱাৰ্ড আৰু ২ নং ৱাৰ্ডৰ পথটো কিছু অংশ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।
    ইফালে উক্ত ক’ন্টেইনমেন্ট জ’নত পৰিস্থিতি বুজ ল’বলৈ উপস্থিত হয় বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা। বটিয়ামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১নং আৰু ২নং ৱাৰ্ডত ক্ৰমান্বয়ে কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

     

    ইফালে প্ৰশাসনে দক্ষিণ ৰাংছালীৰ পথটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাত প্ৰায় ৬০ ঘৰ লোক গৃহবন্দী হৈ পৰিছে। উক্ত পৰিস্থিতি বুজ লবলৈ বুধবাৰে বিশ্বনাথ জিলা উপায়ুক্ত উপস্থিত হৈ কন্টেইনমেন্ট জ’নৰ পৰিৱেশ বুজ লোৱা লগতে অঞ্চলটোৰ লোক সকলক ক’ভিড টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে।

    উল্লেখযোগ্য যে উক্ত অঞ্চলৰ ৰাইজক এই মহামাৰী পৰা ৰক্ষা কৰিবলৈ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাসক উক্ত অঞ্চলত ছেনিটাইজাৰ, সজাগতা, প্ৰতি জন লোকক ক’ভিড টেষ্ট কৰিবলৈ লগতে উক্ত অঞ্চলৰ প্ৰতিজন লোকক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ বিধায়ক ৰঞ্জিত দত্তই নিৰ্দেশ দিয়ে। ইফালে বিধায়ক গৰাকীৰ নিৰ্দেশৰ পাছতে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাসে অঞ্চলটো অহৰহ সজাগতা সৃষ্টি কৰা লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

    আনহাতে অঞ্চলটোৰ বিভিন্ন সজাগতা সৃষ্টি কৰিছে স্থানীয় গাওঁ ৰক্ষীবাহিনী সদস্য, গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি সকলে। ইফালে বুধবাৰে উক্ত অঞ্চলটোৰ কন্টেইনমেন্ট জ’নত থকা ৬০ ঘৰ পৰিয়ালক খাদ্য সামগ্ৰী বিৰতণ কৰে পঞ্চায়ত প্ৰতিনিধি আৰু জিলা প্ৰশাসনে।

    তাৰ সমান্তৰালকৈ বিহালী প্ৰাথমিক চিকিৎসালয় চিকিৎসাকৰ্মী সকলে অঞ্চলটোৰ দক্ষিণ ৰাংছালীৰ প্ৰাথমিক বিদ্যালয়ত বুধবাৰে ১০০জনক ক’ভিড পৰীক্ষা কৰে যদিও ক’ভিড চিনাক্ত নহ’ল অঞ্চলটোত।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.