31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ কাৰ্যকৰী সভা সম্পন্ন

    বিশ্বনাথ চাৰিআলিত
    স্বেচ্ছাসেৱী সংগঠন
    ৱাৰিৱৰ্ছৰ কাৰ্যকৰী সভা সম্পন্ন :

     বিশ্বনাথ চাৰিআলি ১৩ মাৰ্চ ::

    দেওবাৰে  বিশ্বনাথ চাৰিআলি মধপুৰ ৱাৰিৱৰ্ছৰ জিলা সহকাৰী সম্পাদিকা ববী শইকীয়া  বাসগৃহত স্বেচ্ছাসেৱী সংগঠন  ৱাৰিৱৰ্ছৰ   বিশ্বনাথ জিলা সমিতি খনৰ এখনি কাৰ্যকৰী সভা অনুষ্ঠিত হয় ।

    জিলা সভানেত্ৰী অঞ্জলি বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনৰ আতঁ ধৰে
    জিলা সম্পাদক অৰ্জুন চেত্ৰীয়ে।

    সভাত নাৰী সবলীকৰণ ওপৰত বক্তব্য প্ৰদান কৰে জিলা উপদেষ্টা মহ:প্ৰিন্স চামচুল হকে।
    ইয়াৰ পিছতে সভাত অহা ৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ’ব লগীয়া ৱাৰিৱৰ্ছৰ জিলা সমিতিৰ খনৰ সাধাৰণ সভাৰ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰে উপদেষ্টা মহেন্দ্ৰ হাজৰিকাই।


    ইফালে আগন্তুক সভা খনলৈ অতিথি নিমন্ত্ৰণ আৰু স্থানৰ সন্দৰ্ভত সাংবাদিক তথা ৱাৰিৱৰ্ছৰ জিলা সদস্য শ্ৰীমন্ত দাসে নিজৰ বক্তব্য দাঙি ধৰে কেইবাজনো বিশিষ্ট ব্যক্তি সামাজিক কাম কাজৰ বিৱৰণ ।

    এই ক্ষেত্ৰত বিশ্বনাথ চাৰিআলি পাভৈ বিশিষ্ট সমাজ কৰ্মী তথা মানৱ দৰদী চিকিৎসক ডা: ৰঞ্জন গগৈ সামাজিক কাম কাজৰ বিষয় দাঙি ধৰে সভাত দাসে।

    আনহাতে সভা খনৰ বাজেট সন্দৰ্ভত নিজৰ বক্তব্য দাঙি ধৰে জিলা বিত্ত সম্পাদিকা পূৰৱী বৰা লগতে আন আন সদস্য- সদস্যাই ।
    এই সভাতে জিলা সমিতি সদস্য তথা বিশ্বনাথ চাৰিআলি সাংবাদিক শ্ৰীমন্ত দাসক জিলা সমিতি জনসংযোগ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা
    লগতে বিহালী যুৱ সাংবাদিক ত্ৰিদীপ দাসক জিলা কাৰ্যকৰী সদস্য দায়িত্ব প্ৰদান কৰি প্ৰস্তাৱ ৰাজ্যিক সমিতিলৈ সভাই প্ৰেৰণ কৰা সিদ্ধান্ত গ্ৰহণ কৰে।

    সভাত উপস্থিত থকা জিলা সহকাৰী সম্পাদিকা ববী শইকীয়া, জিলা বৃত্তিৰ সম্পাদিকা পূৰৱী বৰা, সহ বিত্ত ৰিমা , সদস্যা টায়েবাৰ নাজিনে নিজৰ বক্তব্য প্ৰদান কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.