বিশ্বনাথ কৃষি চক্ৰৰ অন্তৰ্গত ফলফলিত সৰিয়হ ক্ৰয় কেন্দ্ৰৰ লগতে সৰিয়হ ক্ৰয়ৰ আনুষ্ঠানিকভাৱে মুকলি

অসম চৰকাৰৰ সৰিয়হ ক্ৰয় আঁচনিৰ অধীনত বিশ্বনাথ কৃষি চক্ৰৰ অন্তৰ্গত ফলফলিত সৰিয়হ ক্ৰয় কেন্দ্ৰৰ লগতে সৰিয়হ ক্ৰয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ে। অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কৃষক সকলক অসম চৰকাৰৰ উৎপাদিত সৰিয়হ চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত বিক্ৰী কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি কেন্দ্ৰটো পৰিদৰ্শন কৰি অভিলাষী আঁচনি খনৰ প্ৰসংগত মতবিনিময় কৰি কৃষক সকলক উৎসাহিত কৰে। উল্লেযোগ্য যে, কৃষকক অৰ্থনৈতিক ভাৱে টনকিয়াল কৰিবলৈ ধান আৰু সৰিয়হৰ বাবে নূন্যতম সমৰ্থন মূল্যৰ উপৰি অতিৰিক্ত সমৰ্থন মূল্য ৰূপায়ণৰ অনুমোদন কৰি ধানৰ প্ৰতি কুইন্টলত ২৫০ টকাকৈ অতিৰিক্ত সমৰ্থন মূল্যত মুঠ নূন্যতম মূল্য ২,৫৫০ টকাত ধান আৰু সৰিয়হৰ প্ৰতি কুইন্টলত ৫০০ টকাকৈ অতিৰিক্ত সমৰ্থন মূল্যত মুঠ নূন্যতম সমৰ্থন মূল্য ৬,৪৫০ টকাত ক্ৰয় প্ৰক্ৰিয়াৰ এই অনুষ্ঠানতে আৰম্ভণি কৰা হয়।

জিলাখনৰ ৮ জন প্ৰগতিশীল কৃষক ক্ৰমে মুকুল হাজৰিকা, বিতুমনি শইকীয়া, তপন বৰা, ৰাজু দাহাল, জীৱন চাহানী, দীপাংকৰ বৰা, হেমন্ত লাহন আৰু পুস্পা দাহালক অসম চৰকাৰৰ এই ৰাজ সাহায্য আঁচনি লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*