Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ চেলাইখাতিত পৰম্পৰাগত কাৰ্বি লোকগীত নৃত্য প্ৰশিক্ষণৰ সফল সমাপ্তি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথৰ চেলাইখাতিত পৰম্পৰাগত কাৰ্বি লোকগীত নৃত্য প্ৰশিক্ষণৰ সফল সমাপ্তি

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ১১ জানুৱাৰী ঃ

বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাতিত কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত নৃত্যৰ প্ৰশিক্ষণ কালি সফল সমাপ্তি ঘটে ৷ ৰাচিংজা আচং বিশ্বনাথ জিলা সমিতিৰ দ্বাৰা আয়োজিত সভাত কাৰ্বি জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতিৰ বিকাশৰ বিশদভাৱে আলোচনা কৰাৰ উপৰিও কাৰ্বি সমাজৰ মাজত হেৰাই যাব ধৰা সংস্কৃতি সমুহ উদ্ধাৰৰ বাবে প্ৰয়াস কৰা সন্দৰ্ভতো আলোকপাত কৰে ৷ কলা , কৃষ্টি আৰু সংস্কৃতিক সংৰক্ষণ , প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে সভাখনে ৷ উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰনৰ তত্বাৱধানত কাৰ্বি আংলংৰ বাহিৰেও কাৰ্বি অধ্যুষিত অঞ্চল সমুহত কাৰ্বি জনগোষ্ঠীৰ কলা , কৃষ্টি- সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণ আৰু প্ৰচাৰ , প্ৰসাৰৰ বাবেও চৰকাৰী আচনিভুক্ত কৰি কাৰ্য ৰূপায়ণ কৰাৰ সমান্তৰালকৈ চেলাইখাতিতো সংস্কৃতি বিষয়ক কাম সমুহ কৰাৰ সময়োপযোগী পদক্ষেপ গ্ৰহন কৰে ৷ সেই মৰ্মে সভাত সাংস্কৃতিক বিষয়ক আচনি সমুহৰ কাৰ্য ৰূপায়ণৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহন কৰে ৷ শেহতীয়াকৈ ” ৰাচিংজা আচং ” নামৰ সাংস্কৃতিক সংগঠন বিশ্বনাথ জিলা সমিতিখন গঠনেৰে কাৰ্য ৰূপায়ণৰ প্ৰথম পদক্ষেপ স্বৰূপ ৫ জনীয়া অভিজ্ঞতাপ্ৰাপ্ত মহিলা সকলৰ দ্বাৰা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত আৰু নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহন কৰিছে ৷ বিশেষকৈ আগন্তুক চমংকান (দহা , শ্ৰাদ্ধৰ পৰ্ব )ৰ উপলক্ষে কাৰ্বি সমাজৰ পৰম্পৰাগত গীত , লোক সংস্কৃতি দিশটো সংৰক্ষণ সংবৰ্ধন আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্বি অধ্যুষিত অঞ্চল সমুহত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহন কৰা বুলি জানিব পৰা গৈছে ৷ কালি ১৫ দিনীয়া প্ৰশিক্ষণৰ অন্ত পৰা ৰাচিংজা আচং বিশ্বনাথ জিলা সমিতিৰ সভাপতি সোমেশ্বৰী চেংনাৰপীৰ সভাপতিত্বত আৰু সম্পাদিকা পুৰ্ণিমা তিমুংপীৰ আত ধৰা সভাত প্ৰশিক্ষক সকলৰ উপৰিও আমন্ত্ৰিত অতিথিৰ লগতে চেলাইখাতিৰ ভাস্কৰ্যশিল্পী গবিন ৰংফাৰ সম্বৰ্ধনা জনাই ৷ বিশিষ্ট অতিথি হিচা্বে অংশগ্ৰহণ কৰে বিশ্বনাথ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ উপসভাপতি দিপচন চেংনাৰ , জিলা কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জন কিলিং , কাৰ্বি সাহিত্য সভাৰ চেলাইখাতি আঞ্চলিক সমিতিৰ কোষাধ্যক্ষ ৰাজু ৰংহাঙকে প্ৰমুখ্য কৰি কেইগৰাকী বক্তাই জনগোষ্ঠীটোৰ শৈক্ষিক , আৰ্থসামাজিক আৰু সাংস্কৃতিক দিশ সমুহৰ ওপৰত বক্তব্য ৰাখে ৷সভাত কাৰ্বি ছাত্ৰ সন্থাৰ চেলাইখাতি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল প্ৰমুখ্যে ৰাচিংজা আচং বিশ্বনাথ জিলা সমিতিৰ কৰ্মকৰ্তা সকলৰ উপৰিও চেলাইখাতিৰ বহু সংখ্যক , মহিলা , যুৱতী সকল উপস্থিত থাকে ৷ অনুষ্ঠানত নাহৰ ৰংহাংপী আৰু হমচিৰা তেৰাংপীয়ে সম্ভাষণমুলক গীত পৰিবেশন কৰে ৷ পৰিশেষত শলাগ শৰাই আগবঢ়াই ৰাচিংজা আচং বিশ্বনাথ জিলা সমিতিৰ সাংগঠনিক সম্পাদিকা ৰূপালী ইংতিপীয়ে ৷

- Advertisement -

Hot this week

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds