31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিজেপি বিপুল বিজয়ঃ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসৰ বিপুল ভোটত জয়

    ■ ডিজিটেল নিউজ ডেস্ক, গুৱাহাটীঃ উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ আহ্বায়ক আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) শক্তিশালী ব্যক্তি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ৰমান্বয়ে জালুকবাৰী আৰু মুখ্যমন্ত্ৰী সোনোৱালে মাজুলী সমষ্টিৰ পৰা বিপুল ভোটত বিজয় নিশ্চিত কৰিছে।

    হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন  বৰঠাকুৰৰ বিৰুদ্ধে ১ লাখতকৈও অধিক ভোটত জয় লাভ কৰাৰ বিপৰীতে সোণোৱালে কংগ্ৰেছৰ ৰাজীৱ লোচন পেগুৰ সৈতে ৩৬,৫৭৩ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।

    আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পাটাচাৰকুচি সমষ্টিৰ পৰা ৪১,৪৪৩ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

    অসমৰ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰ মোহন পাটোৱাৰীয়ে ধৰ্মপুৰ সমষ্টিৰ পৰা ১৯,৯৯০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

    অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাকিবুল হুছেইনে চামাগুৰি সমষ্টিটো ২৫,৬৪৭ টা ভোটৰ ব্যৱধানত নিজৰ অস্তিত্ব বজাই ৰাখিছে।

    ইফালে বিজেপি প্ৰাৰ্থী তৰঙ্গ গোঁহাইয়ে নাহৰকটীয়া সমষ্টিৰ পৰা ১৫,০৫৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

    বোকাজান সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী নোমল মমিনে ১৭,৭৪৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে আনহাতে বিজেপিৰ ৰূপচিং টেৰনে বাইথালাংচো সমষ্টিৰ পৰা ৩০,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

    কংগ্ৰেছৰ বৰ্তমানৰ নন্দিতা দাসে বকোৰ পৰা জয়লাভ কৰিছে, আনহাতে কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা ২৫,৪৪৯ ৰ ব্যৱধানত জয়লাভ কৰিছে।

    বিজেপিৰ মানাব ডেকা আৰু বিমল বৰাই লখিমপুৰ আৰু টিংখং সমষ্টিৰ পৰা ক্ৰমান্বয়ে ২৫০০ আৰু ২৮,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

    বিজেপি প্ৰাৰ্থী হেমাংগা ঠাকুৰীয়াই পলাশবাৰী সমষ্টিৰ পৰা ৩৯,৯১২ টা ভোটৰ ব্যৱধানত জয়ী হৈছে।

    নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱাইয়ো বৃহৎ ব্যৱধানৰ ভোটত বিজয় লাভ কৰে।

    শিৱসাগৰত কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে নিজ বিজয় সাব্যস্ত নিশ্চিত কৰিছে।

    কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁই থাউৰা সমষ্টিৰ পৰা জয়ী হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds