Tuesday, July 1, 2025
27.3 C
Guwahati
TOP NEWS:

বসন্ত স্মৃতি সংস্থানৰ উদ্যোগত কবি বসন্ত নেপালৰ ২৩ সংখ্যক স্মৃতিচাৰণ সভা:: তিনিখন গ্ৰন্থ উন্মোচন

- Advertisement -

 

 

ডিজেলৰ বিশ্বনাথ চাৰিআলি, ২০ অক্টোবৰ::: বসন্ত স্মৃতি সংস্থানৰ উদ্যোগত কবি বসন্ত নেপালৰ ২৩ সংখ্যক স্মৃতিচাৰণ সভা আজি বিশ্বনাথৰ বুঢ়ীগাং বালিপুখুৰীস্থিত বসন্ত স্মৃতি সংস্থানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

 

সংস্থানৰ সম্পাদক নাৰায়ণ পৌৰেলে আঁত ধৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে হৰি উপাধ্যায়ে। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ ভক্ত প্ৰসাদ গৌতমে উদেশ্যে ব্যাখ্যা কৰাৰ পিচত ডঃ সঞ্জীব উপাধ্যাযয়ে বসন্ত স্মৃতি সংস্থানৰ চমু পৰিচয় দাঙি ধৰি সংস্থানৰ লক্ষ আৰু উদেশ্যে বিষয়ে অৱগত কৰাৰ লগতে বিগত সময়ত সম্পাদন কৰা সাহিত্যিক কাৰ্য্যৰ বিষয়ে বিস্তৃতভাবে অৱগত কৰে। এই অনুষ্ঠানত বিশিষ্ট লেখক পৰশুৰাম ছেত্ৰীৰ “জনকবি হৰিভক্ত কটুৱাল অনন্য সাহিত্য যাত্ৰা” উন্মোচন কৰে ২০২০ চনৰ সাহিত্য অকাডেমি পুৰষ্কাৰ পাবলৈ সক্ষম প্ৰবন্ধকাৰ অঞ্জন বাচকোটাই। ইয়াৰ লগতে “পূৰ্বোদয়” পত্রিকার প্ৰস্তাৱনা সংখ্যা উন্মোচন কৰে প্ৰবীণ সাহিত্যিক, কবি টিকাদান উপাধ্যায় নিৰ্ভীকে আৰু বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ ক্ষেমানন্দ নেপাল বিৰচিত “শিলালিপিৰ পৰা ই-লিপিলৈ” গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই। এই অনুষ্ঠানত কণ্ঠশিল্পী মিলন অধিকাৰীয়ে গীত আৰু শিশু শিল্পী যশপাল পৌৰেলে নৃত্য,ডঃ তিলক শৰ্মা ই গীত, পৰিবেশন কৰাৰ উপৰিও ডঃ ভক্ত প্ৰসাদ গৌতমে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজিৰ এই অনুষ্ঠানত ডঃ নাৰায়ণ উপাধ্যায়, কুমাৰ পোখ্ৰেল, জ্যেষ্ঠ সাংবাদিক ভূবন লুইটেল, জ্ঞান পাণ্ডে, দেবী প্ৰসাদ উপাধ্যায়, সেৱক শৰ্মা, বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ নব নিৰ্বাচিত সভাপতি হেম কুমাৰ গৌতম, অধিবক্তা প্ৰাঞ্জল উপাধ্যায়, গোৰ্খা উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি লোকনাথ উপাধ্যায় প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Hot this week

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
27.2 ° C
27.2 °
27.2 °
86 %
2.1kmh
100 %
Mon
27 °
Tue
31 °
Wed
28 °
Thu
33 °
Fri
27 °