Friday, June 6, 2025
29.8 C
Guwahati
TOP NEWS:

পৰ্বতঝোৰা মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ অসম চৰকাৰে সমাজৰ ব্যাধিস্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শূন্যসহশীলতা নীতি গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ছোৱাত পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীয়েও নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্যখন উৎখাতৰ বাবে অভিযান অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতো পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ শালমাৰা বজাৰৰ পৰাই অব্যাহত আছিল নিষিদ্ধ ড্ৰাগছৰ চোৰাং ব্যৱসায়।

বৰ্তমান সময়ত বিভিন্ন ঠাইত কিশোৰৰ লগতে মহিলাকো ড্ৰাগছ সৰবৰাহৰ কামত নিয়োগ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীয়ে পৰ্বতঝোৰা বৃহত্তৰ এলাকাৰ অঞ্চলত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যোৱা সময়ছোৱাত বহুকেইটা ড্ৰাগছ ব্যৱসায়ীক পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। বুধবাৰে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত শালবাৰী বজাৰত অভিযান চলায়। অভিযানত শান্তিনগৰ কুদ্দুছ আলী (২১)আৰু কাঠালবাৰী ছাদ্দাম হোছেইন (৩২) নামৰ চোৰাং ড্ৰাগছৰ ব্যৱসায়ীটোক জালত পেলোৱাৰ লক্ষ্যৰে আৰক্ষীয়ে অভিযান চলাইছিল। যদিও আৰক্ষী উপস্থিত হোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ী পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে হাতে লোটে ধৰিবলৈ সক্ষম হয়।

উল্লেখ্যযোগ্য যে ড্ৰাগছৰ বিৰুদ্ধে সজাগ হৈছে পৰ্বতঝোৰাৰ বৃহত্তৰ বগৰিবাৰী এলাকাবাসী। যোৱা কিছুদিন পূৰ্বে বগৰিবাৰী বৃহত্তৰ এলাকাৰ ৰাইজে কে ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে এই ড্ৰাগছ বিৰোধী সজাগতামূলক পদযাত্ৰা অনুষ্ঠিত হয়। বগৰিবাৰী বৃহত্তৰ অঞ্চল এলাকাৰ দুই শতাধিক লোকে উক্ত পদযাত্ৰাত অংশ লৈ সমাজলৈ এক বাৰ্তা দিবলৈ চেষ্টা কৰে। বগৰিবাৰী বৃহত্তৰ এলাকাৰ এনে পদক্ষেপক একাংশ লোকে আদৰণি জনোৱাৰ লগতে পৰ্বতঝোৰা মহকুমাৰ আৰক্ষী বিষয়া প্ৰতীম দুৱাৰা লগতে বগৰিবাৰী আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস আৰু ৰমেশ ৰায়ৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলিও সকলোৱে আশা কৰিছে।

বৃহত্তৰ এলাকাৰ অঞ্চলৰ ৰাইজে মাৰ বান্ধি দিয়া ওলাই অহাৰ পাছতো যোৱা বুধবাৰ দিনা হাতে-লোটে ড্ৰাগছসহ ধৰা পেলায় শান্তিনগৰ কুদ্দুছ আলী আৰু কাঠালবাৰী ছাদ্দাম হোছেইন নামৰ দুয়ো সৰবৰাহকাৰীক। ধৃত যুৱক দুয়োজনৰ পৰা ৪ গ্ৰাম নিষিদ্ধ ড্ৰাগচসহ ১০৯ টা খালি কাৰ্টিজ উদ্ধাৰ কৰি যুৱক দুজনক বগৰিবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছ সৰবাৰাহৰ দৰে কাৰ্যত পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী বৃহত্তৰ অঞ্চলৰ এলাকাৰ ৰাইজ আৰু আৰক্ষীৰ সন্মিলত ড্ৰাগছ বিৰোধী অভিযানে বগৰিবাৰীৰ বৃহত্তৰ এলাকাৰ অঞ্চলৰ ৰাইজৰ বাবে আশা বাৰ্তা কঢ়িয়াই আনিছে।

- Advertisement -

Hot this week

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
clear sky
32.4 ° C
32.4 °
32.4 °
61 %
2.1kmh
1 %
Fri
32 °
Sat
34 °
Sun
34 °
Mon
35 °
Tue
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds