31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    পৰিবৰ্তনৰ ৰাজনীতি✒️নয়নী বৰগোহাঁই

    ✒️নয়নী বৰগোহাঁই

    ৰাজনীতি হৈছে এক বহুমুখী ক্ষেত্ৰ যিয়ে এটা জাতিৰ উণ্ণয়ণ আৰু শাসন ব্যৱস্থাত প্ৰভাৱ পেলায়। যিকোনো বিষয়ত সিদ্ধান্ত লোৱা, নীতি প্ৰণয়ন কৰা আৰু ক্ষমতা আবণ্টন কৰা প্ৰক্ৰিয়াসমুহ ৰাজনীতিৰ আওতাৰ ভিতৰত পৰে। প্ৰায়ে মতাদৰ্শগত সংঘাতৰ যুদ্ধক্ষেত্ৰ হিচাপে ভবা ৰাজনীতিৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে।

    নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা যুৱক যুৱতীসকলে ৰাজনীতিৰ পথাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুৰ্নীতি আৰু অনৈতিক কাৰ্যৰ প্ৰতি অসন্তুষ্টি বৃদ্ধি পোৱাৰ লগে লগে নতুনচামে ৰাজনীতিৰ লগত জড়িত হৈ সংস্কাৰ আৰু পৰিবৰ্তনৰ বাবে নিজৰ ক্ষমতাক ব্যৱহাৰ কৰিছে।ৰাজনীতি যিকোনো সমাজৰ বাবে অপৰিহাৰ্য।কাৰণ ই শাসন, সামাজিক ব্যৱস্থা তথা ন্যায়ৰ কাঠাম হিচাপে কাম কৰে। বহুতে ৰাজনৈতিক গাঠঁনিৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিলেও বাস্তৱত প্ৰায়েই অদক্ষতা আৰু দুৰ্নীতিৰ দ্বাৰা বিকৃত কৰি সংস্কাৰৰ দাবীহে জনায়।

    উঠি অহা প্ৰজন্মই ৰাজনীতিৰ ক্ষেত্ৰখনত পৰিবৰ্তন আৰু উদ্ভাৱনৰ এক গতিশীল শক্তিক প্ৰতিনিধিত্ব কৰে। বিষয় এটাৰ প্ৰতি নতুন ধাৰণা আৰু দৃষ্টিভংগীৰে সমসাময়িক বিষয় এটাৰ লগত তেওঁলোকে খৰকৈ মিলি যাব পাৰে।নৱ প্ৰজন্মৰ শক্তিয়ে ৰাজনৈতিক আন্দোলন সমুহক সজীৱ কৰি তোলে।দেখা গৈছে বেছিভাগ যুৱক যুৱতীয়েই যিহেতু ন্যায় আৰু সমতাৰ দ্বাৰা পৰিচালিত হয় গতিকে ব্যক্তিগতভাৱে তেওঁলোক মানৱ অধিকাৰ, পৰিবেশ আৰু শান্তিপূৰ্ণ শাসনৰ সমৰ্থন কৰে।ডিজিটেল যুগৰ বাবে উঠি অহা প্ৰজন্মই প্ৰযুক্তি ব্যৱহাৰ কৰি সমৰ্থন সংগ্ৰহ, সজাগতা বিয়পোৱা, আৰু ৰাজনৈতিক বক্তৃতা দিয়াত আগবঢ়া হয়।ৰাজনীতিত তেওঁলোকৰ অংশগ্ৰহণ এটা ট্ৰেণ্ড নহয়, ই ৰাজনীতিক কেনেকৈ বুজা আৰু অনুশীলন কৰা হয় তাৰ এক জটিল পৰিবৰ্তনক প্ৰতিনিধিত্ব কৰে। ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত সক্ৰিয়ভাৱে জড়িত হৈ নতুন প্ৰজন্মই তেওঁলোকৰ প্ৰয়োজন আৰু আকাঙ্ক্ষাক প্ৰতিফলিত কৰা নীতিৰ সৃষ্টিত প্ৰভাৱ পেলাব পাৰে।

    ইয়াৰ লগে লগে ৰাজনৈতিকভাৱে জড়িত হোৱাৰ ক্ষেত্ৰত নতুন প্ৰজন্মক কিছুমান কাৰকে বাধা জন্মায়। তথ্যৰ অভাৱ, অৰ্থপূৰ্ণভাৱে জড়িত হোৱাৰ সীমিত সুযোগৰ বাবে নতুন সম্ভাৱনাখিনিৰ সময়ে সময়ে দুৰ্নীতিগ্ৰস্ত বুলি অনুভৱ কৰা ৰাজনৈতিক প্ৰতিস্থানৰ প্ৰতি মোহভংগ হয়। শিক্ষাৰ ক্ষেত্ৰত সমালোচনাত্মক চিন্তাধাৰা আৰু বিশ্লেষণাত্মক দক্ষতাক প্ৰসাৰিত কৰি উঠি অহা প্ৰজন্মক ৰাজনৈতিক শিক্ষা দি এটা জ্ঞাত সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰি। নাগৰিক অধিকাৰ আন্দোলনৰ পৰা জলবায়ু পৰিবৰ্তনৰ প্ৰতিবাদলৈকে ইতিহাসে আমাক দেখুৱাইছে ছাত্ৰ সমাজৰ প্ৰতিবাদে সামাজিক পৰিবৰ্তনক আগুৱাই নিয়াত আৰু ৰাজনৈতিক এজেণ্ডা গঢ় দিয়াত সহায় কৰি আহিছে।

    ৰাজনীতিত নতুন প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ কেৱল বাঞ্ছনীয়ই নহয়, দেশৰ সৰ্বাংগীন আৰু প্ৰতিনিধিত্বমুলক শাসন ব্যৱস্থাৰ বিকাশৰ বাবেও অতি প্ৰয়োজনীয়।নতুন প্ৰজন্মই প্ৰাধান্য লাভ কৰাৰ লগে লগে সমতাপূৰ্ণ আৰু ন্যায়সংগত ৰাজনৈতিক ব্যৱস্থাৰ উণ্ণীতকৰণ আশা কৰিব পাৰি। গণতান্ত্ৰিক প্ৰক্ৰিয়াত লিপ্ত হৈ পৰিবৰ্তনৰ পোষকতা কৰা নতুন প্ৰজন্ম কেৱল কাইলৈৰ নেতা নহয়।বৰ্তমানৰ অণুঘটকো হয়।

    নতুন প্ৰজন্মই ইচ্ছা কৰিলে ৰাজনীতিবিদক নৈতিক নীতি মানি চলিবলৈ আৰু জনহিতক অগ্ৰাধিকাৰ দিবলৈ বাধ্য কৰিব পাৰে।সততাক মূল্য দিয়া ৰাজনৈতিক সংস্কৃতি গঢ় দিব পাৰে। যুৱ ভোটাৰৰ উথ্বানে ৰাজনৈতিক দলসমুহক প্ৰভাৱিত কৰিব পাৰে যাতে যুৱ ভোটাৰৰ উদ্বেগ শিক্ষা, চাকৰি সৃষ্টি, গৃহনিৰ্মাণৰ দৰে ক্ষেত্ৰবোৰত গুৰুত্ব দি কাম কৰিব পাৰে।ভোটদানৰ জৰিয়তে যুৱশক্তিয়ে নিজৰ প্ৰজন্মৰ লগত জড়িত বিষয়সমুহক আগস্থান দি এক স্থায়ী পৰিবৰ্তনক প্ৰেৰণা দিব পাৰে।

    প্ৰতিজন মহান নেতাৰ আৰঁত এজন মহান গুৰু থাকে। সঠিক দিক নিৰ্দেশনাৰে আগুৱাই নিলে যুৱ সমাজে বহুখিনি সলনি কৰিব পাৰে। অভিজ্ঞ ৰাজনীতিবিদসকলে এটা জাতিৰ ভৱিষ্যত গঢ় দিয়াত সৰ্বোচ্চ ভূমিকা গ্ৰহণ কৰে। সেয়ে নতুন প্ৰজন্মৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য তেওঁলোকৰ নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ দিশ বুলি ধৰিব পাৰি। অভিজ্ঞ নেতাই নৱ প্ৰজন্মৰ ওপৰত যি প্ৰভাৱ পেলায় সেয়া ব্যক্তিগত পৰ্যায়ত সহায় প্ৰদান কৰাৰ পৰা পেছাদাৰী অন্তদৃষ্টি ভাগ বতৰা কৰালৈকে বিস্তৃত হৈ থাকে। মেণ্টৰশ্বিপ,ৰ’ল মডেলিং, শিক্ষা আৰু নেতৃত্বৰ বিকাশৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মক নিৰ্দেশনা কৰিব পাৰিলে ৰাজনীতিক এক সুস্থ বাতাৱৰণৰ ক্ষেত্ৰ হিচাপে গঢ় দিব পাৰি।

    ঠিকনাঃ
    চেক্টৰ ১৮ নয়ডা, এনচিআৰ, দিল্লী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds