31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন; লাইখুটা স্থাপন

    গুৱাহাটীঃ গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া তথা আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মইনাখোৰোংস্থিত শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবেলি ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন কৰিছে। সেই অনুসৰি অহা ১৫ নবেম্বৰৰৰ পৰা ২৫ নৱেম্বৰলৈ ১১ দিনীয়া কাৰ্যসূচীৰে পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হব।

    ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশিষ্ট সমাজকৰ্মী দীপক চন্দ্ৰ বড়োক (কুলি) সভাপতি, উৎপল কুমাৰ দাসক কাৰ্যকৰী সভাপতি, পুনাল বড়ো আৰু ধীৰাজ টুমুংঙক উপ সভাপতি, বলেশ্বৰ ৰংপী আৰু জয়ন্ত টুমুংঙক সাধাৰণ সম্পাদক, হৰদ্বীপ বড়ো, সুৰজ টেৰণ, হৰিচন্দ্ৰ ৰংপী আৰু সুৰজ বড়োক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি, কেবাখনো উপ সমিতি গঠন কৰা হৈছে। আনহাতে ৰাস মহোৎসৱৰ আটাইকেইদিনতে পুৱা পূজা আৰম্ভ, বিয়লি গীতা পাঠ আৰু নামতি দলে নাম পৰিৱেশন কৰিব।

    ইফালে ২৩ অক্টোবৰৰ দিনা ৰাস মহোৎসৱথলীত আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। উপস্থিত ৰাইজৰ বিপুল হৰ্ষধ্বনিৰ মাজত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল কুমাৰ দাসে। এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি দীপক চন্দ্ৰ বড়োৱে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল কুমাৰ দাসে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মিলনভূমি বৃহত্তৰ গড়চুক, পামহী অঞ্চলত ৰাস মহোৎসৱখনে সম্প্ৰীতিৰ বাণী কঢ়িয়াই আহিছে বুলি সদৰি কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ কেবাজনো কৰ্মকৰ্তা, শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ পৰিচলনা সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়ো, কাৰ্যকৰী সভাপতি মৰ্মেশ্বৰ বড়ো, উপ সভাপতি কৰুণা কান্ত বৰা সাধাৰণ সম্পাদক আনন্দ ৰাম বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা, অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds