31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত নৱম আয়ুৰ্বেদ দিৱস পালন

    আজাৰাঃ ৰাষ্ট্ৰীয় আয়ুস মিছনৰ উদ্যোগত ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আজি নৱম আয়ুৰ্বেদ দিৱস পালন কৰা হয়। মহাবিদ্যালয়খনৰ মেনেজমেন্ট বিভাগ, কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি পি এম চিৰ যৌথ সহযোগত মহাবিদ্যালয়ৰ সভাগৃহত দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনিষা ভট্টাচাৰ্যই।

    আৰম্ভণিতে দিৱসৰ তাৎপৰ্য দাঙি ধৰি আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়া (আয়ুস) ডাঃ গৌতম কুমাৰ শৰ্মাই কয় বিগত কেইটামান বছৰত ভাৰতৰ আযুৰ্বেদিক চিকিৎসাই বিশ্বব্যাপী সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনকি বিদেশতো সাধাৰণ নাগৰিকৰ উপৰিও ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ভি ভি আই পিয়েও ভাৰতৰ আযুৰ্বেদিক চিকিৎসাক আদৰি লোৱা পৰিলক্ষিত হৈছে।

    কেন্দ্ৰৰ লগতে অসম চৰকাৰেও আযুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰখনৰ উন্নয়ন সাধন কৰাৰ লগতে সাধাৰণ ৰাইজেও যাতে আযুৰ্বেদিক চিকিৎসাৰ সুফল লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে মহকুমা চিকিৎসা বিষয়া ডাঃ জীতেন্দ্ৰ সিং আৰু আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ ধীৰেন্দ্ৰ কুমাৰ দাসে ভাষণ প্ৰসংগত চৰকাৰে আযুৰ্বেদিক চিকিৎসাৰ আধুনিকীকৰণ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত ৰাইজৰ আস্থা, বিশ্বাস বৃদ্ধি পাইছে বুলি সদৰি কৰে।

    তেনেদৰে সভাত সন্মানীয় অতিথি হিচাপে ভাগ লৈ মহাবিদ্যালয়খনৰ মেনেজমেন্ট বিভাগৰ মূৰব্বী অধ্যাপক চাইফুল হকে এনে ধৰণৰ সভা মহাবিদ্যালয়ত অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰা বাবে চৰকাৰৰ শলাগ লয়। সভাত মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে এইবাৰৰ নৱম আয়ুৰ্বেদ দিৱসৰ বাণী আছিল ‘বিশ্ব স্বাস্থ্যৰ হেতু আয়ুৰ্বেদৰ উদ্ভাৱন; আয়ুৰ্বেদৰ কৰ্মস্থানৰ সুস্থতা’।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds