31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    পবিতৰা গঁড় ৰক্ষণাবেক্ষণৰ বাবে বনকৰ্মীলৈ অত্যাধুনিক সামগ্ৰী প্ৰদান আৰু প্ৰশিক্ষণ

    ■ মায়ঙৰ পৰা পিংকু দেৱ নাথঃ বিশ্ব প্ৰসিদ্ধ এশিঙিয়া গঁড়ৰ বিচৰন ভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্যতৰ বন বিষয়া কাৰ্যালয়ৰ সন্মুখত ডৱলিউ, ডৱলিউ, ডৱলিউ ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনৰ এটি দলে পবিতৰাত থকা অসম গৌৰৱ এশিঙীয়া গড়ঁক ৰক্ষাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে বনকৰ্মীৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। চাৰ্জিং টৰ্চলাইট,কম্পিউটাৰ,বাইনোকুলাৰ,স্মাৰ্ট ফোন,আৰু চাৰিখনকৈ মটৰচাইকেল যোৱা ২০ ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰে।

    ইয়াৰ উপৰিও পবিতৰা অভয়াৰণ্য খন সংৰক্ষণৰ ক্ষেত্ৰত মায়ঙৰ স্থানীয় ৰাইজে বিশেষ ভুমিকা আছে বুলি মত প্ৰকাশ কৰে মূখ্য গঁড় সংৰক্ষক ডঃ প্ৰণৱ জে বৰাই।পবিতৰা অভয়াৰণ্য খন হৈছে প্ৰায় ৩৮ কিলোমিটাৰ এলেকাৰে আৱৰি থকা এটা অভয়াৰণ্য যত ১০০ তকৈও অধিক গঁড়ৰ বিচৰণ স্থলী।

    এই গঁড়বোৰ বেছিভাগ প্ৰায় ১৫ কিলোমিটাৰ এলেকাৰ ঘাঁহনি অঞ্চলৰ ভিতৰতে থাকে।মায়ঙৰ ৰাইজে এই অভয়াৰণ্য খন গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু এতিয়াও ৰাইজে গঁড়বোৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াইছে। বন বিষয়া আৰু কৰ্মচাৰীসকলৰ বহু ত্যাগৰ বিনিময়ত যোৱা কেইবছৰ শূন্য চোৰাং চিকাৰ কৰিবলৈ সক্ষম হৈছে অভয়াৰন্যখনত।

    অসম চৰকাৰৰ পি,চি,চি,এফ ড০ অমিত সাহাৰ উপস্থিতিত এই সামগ্ৰীবোৰ অভয়াৰণ্যৰ ডিএফঅ’ক হস্তান্তৰ কৰা হয়।পবিতৰা অভয়াৰণ্য হৈছে গঁড়ৰ বাবে এক উৎস ক্ষেত্ৰ যিয়ে ইণ্ডিয়ান ৰাইনো ভিজন (আইআৰভি) ২০২০ কাৰ্যসূচীৰ অধীনত মানস লৈ ২২ টা গঁড় স্থানান্তৰিত কৰাত অৰিহণা যোগাইছে।ডৱলিউ, ডৱলিউ, ডৱলিউ ইণ্ডিয়াই যোৱা দুই দশকৰো অধিক সময় ধৰি অসমৰ বনাঞ্চল সংৰক্ষণৰ বাবে বন বিভাগৰ সহযোগত কাম কৰি আহিছে।উন্নত ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তি আধাৰিত পদ্ধতি প্ৰৱৰ্তন কৰি নিৰীক্ষণ আৰু টহল উন্নত কৰাৰ বাবে ২০১৯ চনত প্ৰস্তুত কৰা এক কাৰ্যসূচী।

    সেই কাৰ্যসূচীৰ অংশ হিচাপে ইউ,এচ,এফ,ডৱলিউ,এচ ইতিমধ্যে বন কৰ্মচাৰীসকলক জিপিএছ, ৰেঞ্জ ফাইণ্ডাৰ, বাইনোকুলাৰ, স্মাৰ্ট ফোনৰ দৰে সঁজুলি ব্যৱহাৰৰ বিষয়ে প্ৰশিক্ষণ দিয়ে।আধুনিকীকৰণৰ প্ৰচেষ্টা হিচাপে বন বিভাগক ফোন প্ৰদান কৰে অমিত শৰ্মা, ৰাষ্ট্ৰীয় মুখ্য গঁড় সংৰক্ষণ আৰু ড০ প্ৰণৱ জে বৰা লেণ্ডস্কেপ কো-অৰ্ডিনেটৰ কেকেএল আৰু W.W.F ইণ্ডিয়াৰ অন্যান্য বিষয়াসকল পবিতৰা ৰেঞ্জ কাৰ্যালয়ত কাৰ্যসূচীত উপস্থিত থাকে। কাৰ্যসূচীত পবিতৰাৰ উন্নত ব্যৱস্থাপনা সম্পৰ্কীয় বিষয়বোৰ গুৰুত্ব প্ৰদান কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds