নলবৰীত ১৩৬ বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ প্ৰসংসনীয় পদক্ষেপ
দেশক সুৰক্ষা দিয়াৰ লগতে সামাজিক কাৰ্যৱলীৰ দ্বাৰাৰ বিশেষ ভাৱে চৰ্চিত।
সমাজৰ প্ৰতি থকা দায়িবদ্ধতা, পুলিচ তথা সৈন্য বাহিনীৰ মাজত একতা বৃদ্ধিৰ হেতুকে নলবাৰী ১৩৬ বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীয়ে নিৰৱচিন্নভাৱে সমাজৰ উন্নয়নমূলক কাম কৰি আহিছে ।
১৩৬ বেটেলিয়ান চি. আৰ.পি . এফ বাহিনীৰ উদ্যোগত ২০২১-২২ বৰ্ষৰ উন্নয়নমূলক কাৰ্যসূচী হিচাপে বিভিন্ন চৰকাৰী বিদ্যালয় সমূহত শৌচাগাৰ,প্ৰস্বাৱগাৰ, চাইকেল ষ্টেণ্ড আদি বনোৱা, তথা পুনৰ্নিৰ্মাণ কৰাৰ উপৰিও আন ভালেমান উন্নয়নমূলক কাম কৰি আহিছে ।
বৃহস্পতিবাৰে নলবাৰী জিলাৰ সৰিয়হতীস্থিত বালভৱন বিদ্যাপীঠ বিদ্যালয়ত চিভিক একচন অনুষ্ঠানৰ আধাৰত নলবাৰী ১৩৬ নং বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ উদ্যোগত বিদ্যালয়খনত শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ পুনৰনিৰ্মাণ কৰি শুভ উদ্বোধন কৰা হয়।
অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ১৩৬ নং বেটেলিয়ান চি. আৰ. পি. এফ বাহিনীৰ কামাণ্ডেন্ত অজিত চাংৱানে। উক্ত অনুষ্ঠানত তেওক সহযোগ কৰে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰহ্লাদ দাসে।অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত,নৃত্য,বক্তৃতা অনুষ্ঠান আদিও অনুষ্ঠিত কৰা হয়।
নলবাৰী ১৩৬ নং বেটেলিয়ান চি আৰ পি এফ বাহিনীৰ এনে পদক্ষেপক সচেতন লোকে শলাগ জনাইছে ।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ




