31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰী শ্বহীদ ভৱন বাকৰিত “নাচিব লাগিব ব’হাগ বিহু বুলি” শীৰ্ষক মুকলি বিহু উদযাপন

    ♥ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীঃ নলবাৰী জিলা ছাত্ৰ সন্থাৰ লাইখুটা চৰুপ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাৰ উদ্দোগত আজি পহিলা ব’হাগৰ দিনটোত নলবাৰী শ্বহীদ ভৱন বাকৰিত” নাচিব লাগিব ব’হাগ বিহু বুলি”শীৰ্ষক মুকলি বিহু উদযাপন কৰে।

    সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানটোত কনিষ্ঠজনে জেষ্ঠ্যজনৰ পৰা আশিস লয়।

    আজিৰ এই অনুষ্ঠানটোতে নলবাৰী তথা অসমৰ সমাজ জীৱনলৈ বিভিন্ন ধৰণেৰে নিজৰ নিজৰ ক্ষেত্ৰৰ পৰা অৰিহণা যোগোৱা কেইগৰাকীমান বিশিষ্ট নলবৰীয়াক সম্বৰ্ধনা জনোৱা হয়। লগতে, আমন্ত্ৰিত বিহু হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শনে অনুষ্ঠানটোক সোণত সুৱগা চৰায়। নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজৰ সহযোগেৰে অনুষ্ঠানটো জিপাল হৈ পৰে।

    আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকে যুৱ প্ৰজন্মৰ প্ৰিয় কন্ঠ শিল্পী দীপলিনা ডেকা, অভিনেত্ৰী ভ্ৰান্তি মেধিকে আদি কৰি ভালে সংখ্যক শিল্পী। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্য নিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদ, প্ৰমুক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ ভালেসংখ্যক নেতা। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, বিষয় ববীয়া, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক‌‌‌, বিষয় ববীয়া আৰু সদস্য সকল।

    আজিৰ এই কাৰ্য্যসূচী উলহ মালহেৰে সম্পন্ন কৰে ছাত্ৰ সন্থাৰ লগতে নলবাৰী জিলাৰ সমূহ ৰাইজে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds